ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ পয়ালগা ৰূপ সন্দৰ্ভত প্ৰতিক্ৰিয়া আছুৰ সম্পাদক লুৰিণ জ্যোতি গগৈৰ

ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ পয়ালগা ৰূপ সন্দৰ্ভত প্ৰতিক্ৰিয়া আছুৰ সম্পাদক লুৰিণ জ্যোতি গগৈৰ
 "কা"আন্দোলনৰ বাবে অসমত বিদেশী পৰ্যটকৰ সংখ্যা হ্ৰাস ঘটিছিল যাৰ বাবে ক'ৰোণা সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ নকৰিলে-লুৰিণ
News Nation Digital 24X7




TEOK:টীয়কৰ বানে ধোৱা জাঁজীমুখত ছাত্ৰ সন্থাই অঞ্চলটোৰ আৰ্ত ৰাইজৰ মাজত খাদ্য সামগ্ৰী বিতৰণৰ এক কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছুৰ সাধাৰণ সম্পাদক লুৰিণ জ্যোতি গগৈয়ে ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ ফুপুলা স্বৰূপৰ তীব্ৰ সমালোচনা কৰে। ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ পয়ালগা ৰূপ সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লুৰিণজ্যোতি গগৈয়ে অৱশ্যে কয় এতিয়া মহামাৰীৰ বিৰুদ্ধে ঐক্যবদ্ধ ভাৱে যুঁজ দিয়াৰ সময়,কিন্তু বিগত ১৪/১৫ বছৰে একেগৰাকী ব্যক্তিৰ হাততে থকা স্বাস্থ্য বিভাগটোৰ পয়ালগা স্বৰূপ বৰ্তমান উন্মোচিত হোৱা বিষয়টোৰ আগন্তুক দিনত অসমৰ ৰাইজে পৰ্যালোচনা কৰিব বুলি মন্তব্য কৰে।লগতে "কা"আন্দোলৰ বাবে অসমত বিদেশী পৰ্যটকৰ সংখ্যা হ্ৰাস ঘটিছিল যাৰ বাবে ক'ৰোণা সংক্ৰমণে ভয়াবহ ৰূপ ধাৰণ নকৰিলে । কা আন্দোলন প্ৰবল ৰূপ ধাৰণ কৰাৰ বাবে বিদেশী পৰ্যটক সকল অসমৰ পৰিবৰ্তে দেশৰ যিকেইখন ৰাজ্যত ভীৰ কৰিলে সেই কেইখন ৰাজ্যত ক'ৰোণা ভাইৰাছ সংক্ৰমণ ঘটি বহু লোক আক্ৰান্ত হৈছে ,এই মন্তব্য কৰিছে  লুৰিণে।সেয়ে অসমৰ ৰাইজে গঢ়া গণ আন্দোলনৰ বাবে ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছে।

Post a Comment

Previous Post Next Post