হাউলীৰ মৌটুপুৰীত দুখন দোকান ছীল বৰনগৰ ৰাজহ চক্ৰৰ বিষয়াৰ
বৰপেটা জিলাৰ বৰনগৰ ৰাজহ চক্ৰৰ অন্তৰ্গত হাউলীৰ মৌটুপীৰিত গাঁৱৰ দুখন দোকান যোৱা নিশা প্ৰশাসনে ছীল কৰে। বৰনগৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া শান্তনা বৰাই জানিবলৈ দিয়া মতে লকডাউন উলংঘা কৰি যোৱা নিশা প্ৰায় ৮-৩০ বজালৈ দোকান খোলা ৰাখিছিল। লকডাউন আৰু সান্ধ্য আইন চলি থকাৰ সময়ত প্ৰশাসনে দোকান-পোহাৰ বন্ধ ৰাখিবলৈ সকীয়নি দিয়াৰ পিচতো নিশালৈকে দোকান খুলি নিয়ম উলংঘা কৰাৰ অপৰাধত যোৱা নিশা চক্ৰ বিষয়া গৰাকীয়ে আৰক্ষীৰ সহযোগত দোকান দুখন ছীল কৰে।

Tags
অসমীয়া বাতৰি