হাউলীৰ কালজাৰ হেলনাৰ পাম গাঁৱত বৈদ্যুতিক মাছ চোৰ কৰায়ত্ত

 হাউলীৰ কালজাৰ হেলনাৰ পাম গাঁৱত বৈদ্যুতিক মাছ চোৰ কৰায়ত্ত
News Nation Digital 24X7


যিমান লকডাউন দিনক দিনে বৃদ্ধি পাইছে সিমানে একাংশ দুৰ্বিত্তৰ উৎপাত বৃদ্ধি পাইছে। বৰপেটা জিলাৰ হাউলীৰ নিচেই সমীপৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে অৱস্থিত কালজাৰ হেলনাৰ পাম গাঁৱত এজন বৈদ্যুতিক মাছ চোৰ ৰাইজে কৰায়ত্ত কৰিবলৈ সক্ষম হয়। কোনো ধৰণৰ অনুমতি নোহোৱা কৈ নিশা বিদ্যুৎ চুৰি কৰি কলজাৰৰ পাল্লা নৈত বিদ্যুৎস্পষ্ট কৰি মাছ মাৰি আছিল। গাঁৱখনৰ যুৱক এজনে নদীত হাত ধুবলৈ যাওঁতে বিদ্যুৎ স্পষ্ট হৈ গুৰুতৰভাৱে আহত হয়।পিছত ৰাইজে উৎস বিচাৰি যোৱাত চোৰ কেইজনৰ কাৰ্য দেখি চকু কপালত উঠে। এজন চোৰক ৰাইজে কৰায়ত্ত কৰিবলৈ সক্ষম হয় আৰু বাকী চাৰিজন পলাই যাবলৈ সক্ষম হয়। পিছত ৰাইজে উত্তম মাধ্যম দি আৰক্ষীক গতাই দিয়ে।কৰায়ত্ত কৰা চোৰ জন ৰং দিয়া গাঁৱৰ ৰফিকুল ইছলাম। পলাই যোৱা চোৰ কেইজন ক্ৰমে ৰংদিয়া গাঁৱৰ ইস্তাফুল আলী, চফিকুল আলী , মকিবুল ইছলাম জানিব পৰা গৈছে। এজনৰ নাম জানিব পৰা হোৱা নাই।





Post a Comment

Previous Post Next Post