প্ৰকৃত উদ্যোগী তথা কৰ্মীক এই লক ডাউনে প্ৰভাম্বিত কৰিব পৰা নাই-ড° পিতাম্বৰ দেৱ গোস্বামী
ঐতিহাসিক আউনীআটী সত্ৰৰ ভূমিত খেতি কৰি স্বাৱলম্বিতাৰ পথ সুগম কৰিছে টীয়কৰ ভাস্কৰে
TEOK: সমগ্ৰ দেশ তথা বিশ্ব আজি ক’ৰোনাৰ কৰাল গ্ৰাসত দেশে দেশে গৃহবন্দী প্ৰতি জন নাগৰিক লক ডাউনৰ ই সময়ছোৱাত সৰ্বত্ৰ অচলাৱস্থা,ব্যক্তিগত খণ্ডত নিয়োজিত যুৱক যুৱতীসকল এতিয়া কৰ্ম সংকটত পৰিছে।কিন্তু অসম যিহেতু কৃষি প্ৰধান ৰাজ্য সেয়ে প্ৰতিজন যৱক যুৱতীয়ে নিজৰ বাৰীতে সাধ্য অনুসৰি কৃষিকৰ্মত নিজকে নিয়োগ কৰিলে যিকোনো বিপদৰ সময়ত সকাহ পাব পাৰি সেয়া প্ৰমাণ কৰি দেখুৱাইছে টীয়কৰ ভাস্কৰ হাজৰিকা নামৰ এজন যুৱকে । টীয়কৰ কলিয়াপানীস্থিত আউনীআটী সত্ৰৰ ভূমিখণ্ডত সত্ৰাধিকাৰ ড° পিতাম্বৰ দেৱ গোস্বামীৰ আহ্বানত টীয়কৰে হাঁহচৰা অঞ্চলৰ উদ্যোগী যুৱক ভাস্কৰ হাজৰিকাই প্ৰায় ১০ বিঘা ভূমিত পাঁচ হাজাৰ জোপা ভোঁট জলকীয়া,তিনিশ জোপা নেমুটেঙাকে ধৰি বিভিন্ন শাক পাচলিৰ খেতি কৰি এতিয়া সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।যি সময়ত অসমৰ বিভিন্ন অঞ্চলৰ যুৱক যুৱতী কৰ্ম সংস্থাপন বাবে বহি: ৰাজ্যলৈ গৈছে তেনে সময়তে সত্ৰধিকাৰ গৰাকীয়ে স্থানীয় যুৱকৰ সহযোগিতাত কৃষি কৰ্ম কৰি তেওঁলোকক স্বাৱলম্বিতাৰ পথ সুগম কৰাৰ পৰিলক্ষিত হৈছে । অসম যিহেতু কৃষি প্ৰধান ৰাজ্য সেয়ে প্ৰতিজন যৱক যুৱতীয়ে নিজৰ বাৰীতে সাধ্য অনুসৰি কৃষিকৰ্মত নিজকে নিয়োগ কৰিলে যিকোনো বিপদৰ সময়ত সকাহ পোৱাৰ লগতে প্ৰকৃত কৰ্মী তথা উদ্যোগী হ'লে যিকোনো মহাসংকটতো ভাস্কৰ দৰে সকলোৱে নিজকে প্ৰতিষ্ঠা কৰিব পাৰিব বুলি মন্তব্য কৰিছে সত্ৰাধিকাৰগৰাকীয়ে।লগতে বৰ্তমান সকলোৱে আদৰ্শ হৈ পৰা ভাস্কৰে সেয়ে সকলোকে বহি: ৰাজ্যলৈ কৰ্ম সংস্থাপনৰ বাবে নগৈ বা কাৰো ওপৰত নিৰ্ভৰশীল নহৈ কৃষিকৰ্মতে নিজকে আত্মনিয়োগ কৰি স্বাৱলম্বী হ'বলৈ আহ্বান জনাইছে ।

Tags
অসমীয়া বাতৰি