Homeঅসমীয়া বাতৰি টীয়কৰ ৰেণু বড়া মেমৰিয়েল একাডেমিকৰ প্ৰতিষ্ঠা দিৱস পালন May 14, 2020 0 টীয়কৰ ৰেণু বড়া মেমৰিয়েল একাডেমিকৰ প্ৰতিষ্ঠা দিৱস পালন News Nation Digital 24X7 TEOK: বিশ্ব ত্ৰাস ক’ৰোনাৰ প্ৰভাৱত আজি সমগ্ৰ বিশ্ব দিশহাৰা দেশে দেশে গৃহবন্দী সকলো দেশৰ শিক্ষা ব্যৱস্থা স্থবিৰ কৰি দেশৰ সকলো শিক্ষানুষ্ঠান বন্ধ তাৰ মাজতে অসমৰ শৈক্ষিক নগৰী হিচাপে পৰিচিত যোৰহাট জিলাৰ টীয়কৰ অন্যতম অগ্ৰণী শিক্ষা অনুস্থান ৰেণু বড়া মেমৰিয়েল একাডেমিৰ দশম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস ভাগি আজি অনুষ্টুপীয়াকৈ পালন কৰা হয়।চৰকাৰী সকলো নীতি নিৰ্দেশনা অৱলম্বন কৰি কনিষ্ঠ মহাবিদ্যালয়খনৰ অধ্যক্ষ কুলধৰ বৰাই পতাকা উত্তোলন আৰু তাৰ পাছত স্মৃতি তপৰ্ণ কৰে সঞ্চালক প্ৰাণ কমল বড়াই।উক্ত কাৰ্যসূচীত মহাবিদ্যালয়ৰ দাঁতিকাষৰীয়া কেইজন মান প্ৰাক্তন ছাত্ৰছাত্ৰী তথা শিক্ষক উপস্থিত থাকে আৰু সকলোকে চৰকাৰী নিৰ্দেশনা তথা সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনাই সঞ্চালকগৰাকীয়ে। Tags অসমীয়া বাতৰি Facebook Twitter Threads