বৃক্কৰ জটিল ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰ, আৰ্থিক সহায় ভিক্ষা পিতৃৰ ki
বৃক্কৰ জটিল ৰোগত আক্ৰান্ত হৈ চাৰিমাহে শয্যাগত হৈ থাকিব লগা হৈছে কলিয়াবৰৰ বামুণী চিকাৰি গাঁৱৰ এজন ১৫ বছৰীয়া ছাত্ৰ। দুয়োটা বৃক্ক বিকল প্ৰায় হৈ অৱস্থা গুৰুতৰ হোৱাত হাইস্কুল শিক্ষান্ত পৰীক্ষা আধাৰুৱাকৈয়ে সামৰিব লগা হৈছিল বৰাই তেৰনৰ পুত্ৰ চেমচন তেৰন নামৰ ছাত্ৰজনে। তেতিয়াৰে পৰা গুৱাহাটীৰ জিএনআৰচি হস্পিতালৰ অধীনত ঘৰতে চিকিৎসাধীন হৈ আছে ছাত্ৰজন। কিন্তু আৰ্থিক দুৰৱস্থাৰ বাবে ছাত্ৰজনৰ চিকিৎসাৰ ক্ষেত্ৰত থমকি ৰ'ব লগা হৈছে দৰিদ্ৰ পৰিয়ালটো। চিকিৎসকৰ মতে, ছাত্ৰজনৰ দুয়োটা বৃক্ক প্ৰায় বিকল হৈ পৰিছে। বৃক্ক সংৰোপনৰ বাবে চিকিৎসকে পৰামৰ্শ আগবঢ়াইছে যদিও আৰ্থিক দৈন্যতাৰ বাবে বৃক্ক সংৰোপন কাৰ্য সম্পাদন কৰিবলৈ অপাৰগ পৰিয়ালটোৱে প্ৰতি মাহে চিকিৎসালয়লৈ গৈ বৃক্কৰ ডায়েলাইচিচ কৰাই আছে ছাত্ৰজনৰ। ছাত্ৰজনৰ চিকিৎসাৰ বাবে চৰকাৰ তথা সহৃদয় ৰাইজৰ সহায় ভিক্ষা কৰিছে ইতিমধ্যে মাটি-সম্পত্তি বিক্ৰী কৰি উদং হোৱা পৰিয়ালটোৱে। কোনো সহৃদয় লোকে ছাত্ৰজনক সহায় কৰিব বিচাৰিলে 9864174484 নম্বৰত যোগাযোগ কৰিব পাৰে নাইবা পিতৃ বৰাই তেৰনৰ নামত থকা UBIৰ জখলাবন্ধা শাখাৰ ০৩২৯০১০৬৫৯১৭৮ নম্বৰ একাউণ্টত আৰ্থিক সাহাৰ্য জমা কৰিব পাৰে। UBIৰ জখলাবন্ধা শাখাৰ IFSC: UTBI0JAK362। আপোনাৰ এধানিমান সঁহাৰিয়ে ১৫ বছৰীয়া ছাত্ৰজনক দিব পাৰে নতুন জীৱন।