লিচুবাৰী ব্যৱসায়ী সমিতি আৰু গাঁওৰক্ষীৰ ছেনিটাইজাৰ প্ৰদান, মাস্ক বিতৰণ
দক্ষিণ যোৰহাট, ১৪ মে' : কৰ'না ভাইৰাছৰ সংক্ৰমণ তথা ক'ভিড- ১৯ৰ ভয়াবহতাই বহুক্ষেত্ৰত সচেতনতা আনি দিছে। যোৰহাটৰ লিচুবাৰী ব্যৱসায়ী সমিতি আৰু বজাৰ গাঁওৰক্ষী বাহিনীৰ উদ্যোগত পঞ্জাৱ নেছনেল বেংকৰ লিচুবাৰী শাখালৈ অহা গ্ৰাহক, বজাৰখনৰ দোকানী, গ্ৰাহককে ধৰি নিৰাপত্তাৰক্ষীসকলক হাতত ছেনিটাইজাৰ দিয়া হয়। মুখ নবন্ধাকৈ অহাসকলক মাস্ক প্ৰদান কৰে। চৰকাৰী নিৰ্দেশনা মানি চলি সজাগতা অৱলম্বনেৰে মহামাৰী ৰোগ প্ৰতিৰোধ কৰাত সহযোগিতা আগবঢ়াবলৈ বেনাৰ আঁৰি বুজাই দিয়ে। এই কাৰ্যসূচীত ব্যৱসায়ী সমিতিৰ সভাপতি ৰঞ্জিৎ শইকীয়া, উপ-সভাপতি দিলীপ দত্ত, সম্পাদক লাটু গগৈ, আমন্ত্ৰিত উপদেষ্টা তথা দক্ষিণ যোৰহাটৰ সংবাদদাতা বিনোদ গগৈ, বজাৰ গাঁওৰক্ষী বাহিনীৰ সম্পাদক নিৰ্মল দাস আৰু সহকাৰী সম্পাদক দীপক দাসে ভাগ লয়। ৰাতিলৈ ব্যৱসায়ীসকলৰ ব্যৱস্থাপনাৰে বজাৰখনৰ গাঁওৰক্ষীকেইজনক পাৰিতোষিক দিয়ে। দুখন সেঁতু নিৰ্মাণ, চি চি টি ভি কেমেৰা সংস্থাপনকে ধৰি উল্লেখনীয় কৰ্ম সম্পাদিত দুয়োখন সমিতিৰে সতৰ্কতা অৱলম্বনক প্ৰত্যক্ষদৰ্শীসকলে শলাগ লয়।

Tags
অসমীয়া বাতৰি