লহপহকৈ বাঢ়িছে অৰ্জুনৰ পুলি

লহপহকৈ বাঢ়িছে অৰ্জুনৰ পুলি
বিহু নহ'ল:বৃক্ষ ৰোপনেৰে বহাগী উৎসৱ পালন উজনি তিমতিমী
News Nation Digital 24X7


দক্ষিণ যোৰহাট, ১২ মে' : বহাগী উৎসৱ বিগত বৰ্ষৰ দৰে এইবাৰ আনুষ্ঠানিকভাৱে উদযাপন কৰিব নোৱাৰিলে দক্ষিণ যোৰহাটৰ উজনি তিমতিমীয়াৰ উদয়ন যুৱ সংঘ আৰু আদৰ্শ মহিলা সমিতিয়ে। যিহেতু, বিশ্বত ক'ৰণা ভাইৰাছ সংক্ৰমণৰ আতংক, ক'ভিড- ১৯ মহামাৰীৰ ভয়াবহতা। মানৱ কুলৰ সুৰক্ষাৰ বাবে দেশত দিয়া হ'ল লকডাউন। সেয়ে, পূৰ্বে বিহু পালনৰ বাৰ্ষিক দিনটোত সেই স্থান তথা চৰ্দাৰ আলিৰ সমীপত অৱস্থিত ৰাজীৱ গান্ধী গ্ৰাম্য ক্ৰীড়া প্ৰকল্প প্ৰাংগণত নৱ প্ৰজন্মই এটি শিমলু পুলি ৰোপন কৰে। ঐতিহাসিক মালৌ পথাৰৰ ত্ৰিশূল শইকীয়াই পুলি আৰু দক্ষিণ আতিলা গাঁওস্থিত 'সেউজ সুবাস' জৈৱিক সাৰ প্ৰস্তুতকৰণ প্ৰতিষ্ঠানৰ বান্ধৈ মনোৰঞ্জন গগৈ আৰু যুৱ উদ্যোগী মণ্টু বৰুৱাই জৈৱিক সাৰ যোগান ধৰে। স্থানীয় অগ্ৰণী ব্যক্তি, আপোচবিহীন সংবাদসেৱী বিনোদ গগৈৰ বিশেষ ভূমিকাত কালৰোগৰ প্ৰতি ল'ব লগা সাৱধানতাৰে সংস্কৃতিবান যুৱক নৱজ্যোতি গগৈ, লক্ষীন্দ্ৰ গগৈ, শান্তনু গগৈ, অংকুৰ কৃষ্টি কছাৰীয়ে বৃক্ষ ৰোপনেৰে প্ৰকৃতলৈ অৱদান আগবঢ়ায়। বিশেষভাৱে উপস্থিত থাকে ডা: নবীন বৰদলৈ মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ মুৰব্বী অধ্যাপক ৰাণাজিৎ গগৈ, সংগীত শিল্পী জিতুল গগৈ আৰু স্বাৱলম্বী ব্যক্তি থানেশ্বৰ জিতুল বৰুৱা। উল্লেখ্য যে, বিগত বৰ্ষৰ উৎসৱৰ দিনা বৃক্ষৰোপণ কাৰ্যসূচীত গাঁৱৰে জ্যেষ্ঠ ধৰ্মপ্ৰাণ কেশৰাম হিৰেন বৰুৱাই ৰোপন কৰা অৰ্জুন গছৰ পুলি দুটা লহপহকৈ বাঢ়ি অহাত যুৱকসকল আনন্দিত হয়। দুয়োটা পুলি প্ৰতিপালন কৰে। উদীয়মানসকলে অগ্ৰজৰ সৈতে পাৰস্পৰিক সম্পৰ্ক ৰাখি ইতিবাচক ক্ষেত্ৰত অগ্ৰসৰ হোৱাতো আজিৰ সমাজৰ বাবে এক আশাৰ বতৰা।


Post a Comment

Previous Post Next Post