টীয়কত আপকুৰ যোৰহাট জিলাৰ প্ৰতিষ্ঠা দিৱস পালন

টীয়কত আপকুৰ যোৰহাট  জিলাৰ প্ৰতিষ্ঠা দিৱস পালন


টীয়ক ০১মে':- অসমৰ মফচলীয় সাংবাদিকৰ সংগঠন আপকুৰ প্ৰতিষ্ঠা দিৱসটি লকডাউনৰ মাজতে ৩০এপ্ৰিল তাৰিখে অনুষ্টুপীয়াকৈ টীয়ক মুদৈজানৰ কমলাবাৰী শাখা সত্ৰত যোৰহাট জিলা সমিতিয়ে পালন কৰে। লকডাউনৰ নীতি-নিৰ্দেশনা পালন কৰি পুৱা পাঁচজন সদস্যৰ উপস্থিতিৰে আপকুৰ পতাকা উত্তোলন কৰে সভাপতি দিলীপ ভূঞাই। ইয়াৰ পাছতে যোৰহাট জিলা সমিতিখন পুনৰ গঠন কৰা হয়।

নতুন সমিতিখনত সভাপতি ৰূপে সত্যৰঞ্জন শইকীয়া, উপ সভাপতি অমিত দত্ত, সম্পাদক জ্যোতি প্ৰসাদ গগৈ, সহকাৰী সম্পাদক সীমান্ত প্ৰতীম বৰ্মন, সাংগঠনিক সম্পাদক সাৰংগপাণি শইকীয়া, ৰূপকজ্যোতি বৰা, বিত্ত সম্পাদক পাৰ্থ হাজৰিকাক নিৰ্বাচিত কৰা হয়। আনহাতে যোৰহাট জিলা সমিতিৰ পৰা কেন্দ্ৰীয় কাৰ্যনিবাহক সমিতিলৈ দিলীপ ভূঞা আৰু দিগন্ত হাজৰিকাক প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

Post a Comment

Previous Post Next Post