শ্ৰমিক দিৱসৰ দিনা মালবাহী মিনি ট্ৰাক মালিক সন্থাৰ বিননী

শ্ৰমিক দিৱসৰ দিনা মালবাহী মিনি ট্ৰাক মালিক সন্থাৰ বিননী




TEOK:আজি শ্ৰমিক দিৱস ।বিশ্ব জুৰি ক'ৰোণা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধৰ বাবে অব্যাহত থকা লক ডাউনৰ বাবে এইবাৰ জাকজমকতাৰে উদযাপন কৰা নাই শ্ৰমিক দিৱস ।ইপিনে লক ডাউনৰ বাবে শ্ৰমিক সকলৰ জীৱনলৈ নামি আহিছে ভয়াবহতা ।দৈনিক দিন হাজিৰা কৰা,ঠেলা চালক,মালবাহী মিনি ট্ৰাক মালিক,চালক সকল সন্মুখীন হৈছে জীৱন যুঁজৰ । আজি শ্ৰমিক দিৱসৰ দিনা এই সকল শ্ৰমিক, চালকসকলে হুমুনিয়াহ কাঢ়িছে নিজৰ লগতে পৰিয়ালৰ ভৱিষ্যতৰ কথা ভাৱি।এই দৃশ্য টীয়কৰ এটা মালবাহী টেম্প' ষ্টেণ্ডৰ, ভবিষ্যতৰ কথা ভাবি এতিয়া চিন্তাত পৰিছে গাড়ীৰ চালকসকল।তাতে গাড়ীবোৰৰ  কিস্তি লক ডাউন খুলিলে দিব লাগিব,ইপিনে বিগতে দেৰমাহে নাই উপাৰ্জন।সেয়ে এইসকল শ্ৰমিকৰ বাবেও চৰকাৰক কিবা এটা ইতিবাচক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে আজি শ্ৰমিক দিবসৰ দিনা।





Post a Comment

Previous Post Next Post