মৰিগাঁৱৰ পাটিদয়াস্থিত RANI ইটাভাটা স্বতাধিকাৰৰ বুঢ়া আঙুলি প্ৰদৰ্শন ৰেড য'নৰ কাঢ়া নিৰ্দেশনাক
মৰিগাঁৱৰ পাটিদয়াস্থিত RANI ইটাভাটা স্বতাধিকাৰৰ লকডাউন অবমাননা।
বুঢ়া আঙুলি প্ৰদৰ্শন ৰেড য'নৰ কাঢ়া নিৰ্দেশনা ! লক ডাউনৰ মাজতে ইটাভাটাত নিয়োগ শিশু শ্ৰমিক ।
মৰিগাঁৱৰ একাংশ ইটা ভাটা মালিকৰ দৌৰাত্ম্য ।একাংশ ইটাভাটাৰ মালিকে নামানে গুৰু গোসাই । বহুজন কৰ্মৰত ইটাভাটাত। ৰাজ্যৰ অন্য ৪ জিলাৰ লগতে মৰিগাঁও জিলাক ৰেড য'ন ঘোষণাৰ পাছত কেৱল গোলমালৰ দোকান, ঔষধালয়ৰ লগতে অত্যাবশ্যকীয় সেৱাৰ বাহিৰে সকলো দোকান বজাৰ থাকিব বন্ধ।
পিছে ইয়াৰ বিপৰীতে মৰিগাঁও সমীপবৰ্ত্তী পাটিদয়াস্হ এইটৌ ইটাভাটা লৈ মন কৰক । পৰিতাপৰ বিষয় এয়ে যে
ৰেড য'ন হিচাপে চিহ্নিত মৰিগাঁৱত এইসকল ইটাভাটা মালিকৰ দৌৰাত্ম্য বাবে শিথিল কৰি লৈছে লক ডাউন।
উত্থাপিত অভিযোগ মতে
RANI ইটা ভাটাৰ স্বত্বাধিকাৰী আজগৰ আলিয়ে চৰকাৰী নিৰ্দেশনাক অবমাননাৰে মুক্ত ভাবে ইটা তৈয়াৰ কৰাত ব্যস্ত হৈ পৰিছে । উল্লেখযোগ্য যে বিগত ২ এপ্ৰিলত ইটাভাটাটোৰ মালিক আজগৰ আলিয়ে লক ডাউন অবমাননা কৰা বুলি পাটীদয়া স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়াত তৎকালীনভাৱে আৰক্ষী উপস্থিত হৈ কাম বন্ধ কৰিছিল । তাৎপৰ্যপূৰ্ণ ভাৱে পুনৰ কিছু শিশু শ্ৰমিকৰ দ্বাৰা কাম আৰম্ভ কৰিছে মালিক আজগৰে ।
এতিয়া প্ৰশ্ন হয় কিমান দিন এনেদৰে চলিব চৰকাৰী নিৰ্দেশনাৰ অবমাননা ? মৰিগাঁও জিলা প্ৰশাসনে বন্ধ কৰিব পাৰিবনে ? কেতিয়া সজাগ সচেতন হ'ব এইসকল তথাকথিত ইটাভাটাৰ মালিক ? এনেদৰে অসম তথা মৰিগাঁৱৰে ৰোধ কৰিব পাৰিবনে ক'ৰণাৰ আতংকৰ ?