লকডাউনৰ আংশিক শিথিলতাৰ পৃৰ্ণ সুযোগ গ্ৰহণ কৰিছে কলিয়াবৰৰ একাংশ কৃষকে
লকডাউনৰ আংশিক শিথিলতাৰ পৃৰ্ণ সুযোগ গ্ৰহণ কৰিছে কলিয়াবৰৰ একাংশ কৃষকে।কলিয়াবৰৰ বালিদুৱাৰৰ প্ৰগতি আত্মসহায়ক গোটৰ বেনাৰত কেবাগৰাকী নৱপ্ৰজন্ম একগোট হৈ নিয়োজিত হৈছে মৰাপাট খেতিত। আত্মসহায়ক গোটটোৱে প্ৰায় দহ হেক্টৰ মাটিত বিজ্ঞানসন্মত পদ্ধতিৰে কৰিছে মৰাপাটৰ খেতি।কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় মৰাপাট বৰ্ড ,ভাৰতীয় মৰাপাট নিগম ,কেন্দ্ৰীয় মৰাপাট কোষসহজাত আহঁ গৱেষণা কেন্দ্ৰ আৰু ৰাজ্যিক কৃষি বিভাগে সহযোগিতাৰে ৰূপায়ণ কৰি থকা জুট এগ্ৰ আচঁনিৰ অধীনত গোটটোৱে কৰিছে আধুনিক কৃষি প্ৰযুক্তিৰ ব্যৱহাৰেৰে কৰিছে মিঠা মৰাপাটৰ খেতি।