টীয়ক কেন্দ্ৰীয় বিহুৰ আদৰণীয় সিদ্ধান্ত, বিহু পাতিবলৈ সংগ্ৰহৃত পুঁজিৰে চিকিৎসালয়ৰ উন্নতি

টীয়ক কেন্দ্ৰীয় বিহুৰ আদৰণীয় সিদ্ধান্ত, বিহু পাতিবলৈ সংগ্ৰহৃত পুঁজিৰে চিকিৎসালয়ৰ উন্নতি

TEOK : ব্যক্তিৰ চিন্তা যেতিয়া ইতিবাচক হয়, ব্যক্তিৰ  চিন্তাই যেতিয়া  সমাজত গতি দিয়াৰ চিন্তা কৰে তেতিয়া সমাজত জড়তা আৰু স্থবিৰতা কেতিয়াও আহিব নোৱাৰে, সমাজৰ উন্নয়ন হ’বই৷ হয়, তেনে এক খবৰেই আজি উৎসাহ দিছে টীয়কীয়া ৰাইজক ৷ খৱৰ, টীয়কৰ ৷ প্ৰতিবাৰৰ দৰেই এইবাৰো টীয়ক কেন্দ্ৰীয় ৰঙালী বিহু উদযাপনৰ প্ৰস্তুতি চলিছিল৷ দিন হ’ল ১৬ বহাগ কৰ্মশালা, প্ৰতিযোগিতা আদি বিভিন্ন কাৰ্যসূচীৰে এক ব্যয়বহুল আয়োজন জনপ্ৰিয় শিল্পী "বিপিন চাওদাং" সৈতেও চুক্তিবদ্ধ ৷ তেনেতে সমগ্ৰ বিশ্ব কপাই মানৱ জাতিৰলৈ ভাবুকি আনি অবিৰ্ভাৱ "ক’ৰোণা ভাইৰাছৰ", সমগ্ৰ দেশ বাসী আজি গৃহবন্দী, স্তব্ধ  সৰ্বত্ৰে ৷ সিদ্ধান্ত আহিল বাতিল এইবাৰ বহু অনুষ্ঠান৷ আজি সেই ১৬ বহাগ পুৱাতেই     
প্ৰশাসনিক নিয়মৰ মাজত বিহু সমিতিয়ে উত্তোলন কৰে বিহু পতাকা  আৰু সিদ্ধান্ত গ্ৰহণ কৰে যে বিহু আয়োজনৰ বাবে সংগ্ৰহৃত পুঁজিৰে টীয়কস্থিত এক মাত্ৰ উন্নত চিকিৎসা কেন্দ্ৰ টীয়ক FRU ৰ ৰোগী সকলৰ সুবিধা হোৱাকৈ চিকিৎসালয় খনত প্ৰথম পৰ্যায়ত ১২ খন ফেন প্ৰদান কৰিব৷ টীয়ক কেন্দ্ৰীয় ৰঙালী বিহু সমিতিৰ এই পদক্ষেপক সকলোৱে আদৰণি জনোৱাৰ লগতে সমাজলৈ এনে কাৰ্যই এক ইতিবাচক বাৰ্তা কঢ়িয়াইছে বুলি অভিহিত কৰিছে৷


Post a Comment

Previous Post Next Post