বঙাইগাওঁত ম্যাদ উকলা শিশু খাদ্য বিতৰণক লৈ উত্তেজনা
বঙাইগাঁও জিলাৰ উত্তৰ শালমাৰা মহকুমাৰ বাঘেখাইটিত ম্যাদ উকলা শিশু খাদ্য বিতৰণক কেন্দ্ৰ কৰি উত্তেজনা । সমাজ কল্যান বিভাগৰ যোগান ধৰা ম্যাদ উকলা ব্যৱহাৰৰ অনুপোযোগী শিশু খাদ্যক লৈ ৰাইজৰ তীব্ৰ প্ৰতিক্ৰীয়া।
মুৰতে গেলিছে ৰাজ্যৰ সমাজ কল্যান বিভাগ। শিশুৰ বাবে প্ৰেৰণ কৰা সুষম খাদ্যৰ পেকেটক লৈ বঙাইগাঁও জিলাৰ বাঘেখাইতীত উত্তেজনা। ৰাইজৰ অভিযোগ অনুসৰি, উত্তৰ শালমৰাৰ মেৰেৰচৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত বাঘেখাইটি ৩২ নং অংগনবাদী কেন্দ্ৰটোত সংহত শিশু উন্নয়ন সেৱা আঁচনিৰ জৰিয়তে ২৭ এপ্ৰিলত লাভ কৰে মটৰ, চাউল, বিস্কুটৰ লগতে "CAREBY" নামৰ এবিধ স্বাস্থ্যবৰ্ধক সুষম আহাৰৰ পেকেট।
বুধবাৰে CAREBY নামৰ উক্ত খাদ্যৰ পেকেটবোৰৰ ম্যাদ উকলাৰ সন্দেহ প্ৰকাশ কৰি ৰাইজৰ মাজত একপ্ৰকাৰ আতংকৰ সৃষ্টি হয়। কিয়নো, বিগত এমাহে লকডাউনৰ বাবে লাভ নকৰা খাদ্য সামগ্ৰী সমুহ বিতৰণ কৰা হোৱা নাছিল। আনহাতে, প্ৰতিটো পেকেটত থকা BATCH NO আৰু পেকেজিঙৰ তাৰিখটোও চুলেই মচিব পাৰি । যাৰপৰিপেক্ষিতত ৰাইজে, উক্ত পেকেটসমুহৰ ওপৰত সন্দেহ প্ৰকাশ কৰি পৰীক্ষা কৰি চোৱাত সোৱাদটো তিতা বুলি জানিব পৰা গৈছে। অৱশ্যে বিষয়টো সন্দৰ্ভত উৰ্দ্ধতন কৰ্তৃপক্ষক অৱগত কৰাত ইতিমধ্যে সমাজ কল্যান বিভাগে পেকেটসমুহৰ বিতৰণত বাধা আৰোপ কৰে। এতিয়া প্ৰশ্ন হয়, ৰাজ্যৰ সমাজ কল্যান বিভাগে যোগান ধৰা শিশু খাদ্যবোৰ বিতৰণৰ পুৰ্বে যথাসন্মত পৰীক্ষা কৰা নহয় নেকি ? যোগান ধৰা খাদ্যসমুহ শিশুৰ বাবে স্বাস্থ্যসন্মত হয় নে নহয় সেয়া কিয় পুৰ্বতে পৰীক্ষা কৰা নহ'ল?