টীয়ক :- সমগ্ৰ বিশ্বতে ক'ভিড-১৯ ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰাৰ পৰিপেক্ষিতত বিভিন্ন দেশৰ লগতে ভাৰতবৰ্ষ তথা অসমতো ২৪ মাৰ্চ ২০২০ৰ পৰা যি লকডাউন আৰম্ভ হয় এই লকডাউনৰ সময়ছোৱাত নগৰ অঞ্চলৰ লগতে গ্ৰাম্য অঞ্চলৰ দৰিদ্ৰ পৰিয়াল সমূহৰ গতানুগতিক সৰল জীৱন যাপন কৰাত যথেষ্ট সমস্যা আৰু অনাটন নামি আহে । এই অনাটনে জৰ্জৰিত কৰা পৰিয়াল সমূহক অলপ সকাহ দিয়াৰ উদ্দেশ্যে যোৰহাট জিলাৰ টীয়ক বলমাৰ সোনালী জয়ন্তী বৰ্ষ অতিক্ৰম কৰা অন্যতম সামাজিক সাংস্কৃতিক স্বেচ্ছাসেৱী অনুষ্ঠান "বলমা আলোক যুৱক সংঘ পুথিভঁৰাল" ৰ উদ্যোগত সভাপতি পাপুল বড়া আৰু সাঃ সম্পাদক বিশ্বজিৎ লাহনৰ সবল নেতৃত্বত স্থানীয় সুহৃদবান ৰাইজৰ সহযোগত স্থানীয় ৬ খন গাওঁত দুবাৰকৈ মুঠ ১৫৬ টা পৰিয়ালক অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। এই কাৰ্যত বিশেষ ভাৱে সহায়ৰ হাত আগবঢ়োৱা যোৰহাট চিনামৰাৰ অ' এন জি চি ৰ ডি. জি. এম. ৰাজীৱ কুমাৰ বৰা, যোৰহাট অধিবিদ্যা পৰিষদৰ সম্পাদক তথা চেলেংহাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দিগন্ত কুমাৰ শইকীয়া ; টীয়ক চন্দ্ৰ কমল বেজবৰুৱা মহাবিদ্যালয়ৰ অধ্যাপিকা ড৹ কবৱী গগৈ; মৌচুমী দুৱাৰা গগৈকে মুখ্য কৰি যি সকল সচেতন ৰাইজে এই দিশত সহায় সহযোগিতা আগবঢ়াই আৰ্তজনৰ কাষত থিয় দিলে সকলোকে "বলমা আলোক যুৱক সংঘ পুথিভঁৰাল" ৰ তৰফৰ পৰা ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছে।।