আধাৰ পঞ্জীয়ন চুপাৰভাইজাৰ দেৰটা বছৰে নাই পাৰিতোষিক, লক ডাউনৰ সময়ত হাঁহাকাৰ পৰিয়ালৰ

আধাৰ পঞ্জীয়ন চুপাৰভাইজাৰ দেৰটা বছৰে নাই পাৰিতোষিক, লক ডাউনৰ সময়ত হাঁহাকাৰ পৰিয়ালৰ
News Nation Digital 24X7


TEOK: যোৰহাট জিলাৰ কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ নিৰ্দেশত ২০১৮ চনৰ ৬ অক্টোবৰত মুকলি কৰা বিনামূলীয়া আধাৰ পঞ্জীয়ন কেন্দ্ৰত কৰ্মৰত চুপাৰভাইজাৰ সকলক যোৱা দেৰটা বছৰৰ কোনো পাৰিতোষিক চৰকাৰে প্ৰদান নকৰাত এতিয়া  তেওঁলোকৰ পৰিয়ালসমূহ লক ডাউনৰ সময়ত এক হাঁহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ।জানিব পৰা মতে প্ৰতিখন জিলাৰ এনৰলমেন এজেঞ্জি হিচাপে জিলা উপায়ুক্ত কাৰ্যালয় আৰু ৰেজিষ্টাৰ হিচাপে জেনেৰেল এডমিনিষ্টেচনৰ দায়িত্বত আছিল।লগতে যোৰহাট জিলাৰ আধাৰ কেন্দ্ৰসমূহৰ গুৱাহাটীস্থিত " গেলেক্সি স্কেলছ এণ্ড প্ৰাইভেট লিমিটেড নামৰ এটা কোম্পানীয়ে চোৱা চিতা কৰিছিল আৰু প্ৰথম পৰ্যায়ত আধাৰ পঞ্জীয়নত জিলাখনৰ ৪৫ জন চুপাৰভাইজাৰ নিয়োগ কৰিছিল । ২০১৯ চনৰ মাৰ্চ মাহলৈকে আধাৰ পঞ্জীয়নৰ কাম যোৰহাট জিলাৰ উপায়ুক্ত নিৰ্দেশত চলি আছিল । উল্লেখ যে ৪৫ জন চুপাৰভাইজাৰ পৰা ১৬ জনক চুপাৰভাইজাৰ এন আৰ চি  বায়মেট্ৰিকৰ কাম কৰিবলৈ উপায়ুক্তই অনুমোদন জনায় লৈ যায় । সেই সময়ত তেওঁলোকক চাৰিমাহৰ  মজুৰি দিয়ে । ইয়াৰ পিছত তেওঁলোকে কোনো ধৰণৰ দৰমহা নিদিয়াত এই লক ডাউনৰ সময়ত বিপদত পৰিছে কৰ্মচাৰীসকল ।তদুপৰি বিগত সময়ত চুপাৰভাইজাৰ সকলে বহুবাৰ আবেদন-নিবেদন কৰাৰ পিছতো তেওঁলোক প্ৰাপ্য মজুৰিৰ পৰা আজিও বঞ্চিত হৈ আছে । সেয়েহে তেওঁলোকৰ পৰিয়ালৰ দুখ-বেদনা অন্ত পেলাবলৈ অতি শীঘ্ৰে  প্ৰাপ্য পাৰিতোষিক দিবলৈ জিলা উপায়ুক্তক দাবী জনাইছে ।



Post a Comment

Previous Post Next Post