কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈ, ধৈৰ্য কোঁৱৰ,বিতু সোণোৱাল আৰু মানস কোঁৱৰৰ মুক্তিৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ অসমপ্ৰেমী যুৱ-ছাত্ৰ সমাজৰ
TEOK:বিগত চাৰিমাহে " কা " বিৰোধী আন্দোলন কৰি চৰকাৰৰ ষড়যন্ত্ৰৰ বলি হৈ কাৰাৰুদ্ধ হৈ থাকিব লগা হোৱা কৃষক নেতা অখিল গগৈৰ লগতে ধৈৰ্য কোঁৱৰ, মানস কোঁৱৰ, বিতু সোণোৱালৰ মুক্তিৰ দাবীৰে আজি টীয়ক ৰাজহ চক্ৰ বিষয়াৰ যোগেদি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে অসম প্ৰেমী যুৱ-ছাত্ৰ সমাজৰ কেন্দ্ৰীয় উপদেষ্টা মনোজ গগৈয়ে ৷ স্মাৰক পত্ৰ খনৰ যোগে মনোজ গগৈয়ে covid 19 ৰ সন্দৰ্ভত চৰকাৰ খনৰ সুদৃঢ় ভুমিকাত প্ৰশংসা জনোৱাৰ সমান্তৰালকৈ ষড়যন্ত্ৰমূলকভাৱে এখনৰ পিছত আন খন ভুৱা গোচৰৰ যোগে গ্ৰেপ্তাৰ কৰি চৰকাৰে জনগণৰ যি বাক স্বাধীনতা প্ৰতিহত কৰিব বিচৰিছে সেই কৰ্মক ধিক্কাৰ জনোৱাৰ সমান্তৰালকৈ অতি শীঘ্ৰে কা বিৰোধী কাৰাৰুদ্ধ প্ৰতিবাদ কৰি সকলক মুক্তি কৰি দিয়াৰ দাবী উত্থাপন কৰিছে ৷