গোৱালপাৰাত লকডাউনৰ ফলত বিঘাই বিঘাই পঁচিছে শাক-পাচলি, বিপাঙত পৰিছে কৃষক
ইতিমধ্যে দেশজুৰি অব্যাহত থকা লকডাউনে এমাহ অতিক্ৰম কৰিলে । দেশৰ অৰ্থনীতিৰ ক্ষেত্ৰ খনতো বৰ্তমান হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ লক ডাউনৰ সময়চোৱাত স্বাভাৱিক জীৱন-যাত্ৰা আৰু হাট-বজাৰ ব্যাহত হৈ পৰাৰ ফলস্বৰূপে বজাৰৰ অভাৱত পৰা পৰিলক্ষিত হৈছে দেশৰ লগতে ৰাজ্যৰ ক্ষুদ্ৰ কৃষক সকল৷
গোৱালপাৰা চহৰৰ নিকটৱৰ্তী কৃষি প্ৰধান অঞ্চল বলদমাৰী চৰৰ শ-শ বিঘা কৃষি ভূমিত উৎপাদিত শাক-পাচলিসমূহ বজাৰ অভাৱত সম্প্রতি খেতি পথাৰতে পচিবলৈ ধৰিছে। যাৰবাবে মূৰৰ ঘাম মাটিত পেলাই উৎপাদন কৰা শাক পাচলি বিক্ৰী কৰিব নোৱাৰি উপায়হীন হৈ পৰিছে কৃষক ৰাইজ৷
উল্লেখযোগ্য যে একাংশ খেতিয়কে লকডাউনৰ ফলত কেবালক্ষাধিক টকাৰ লোকচানৰ সন্মুখীন হোৱাৰ কথাও জনিবলৈ দিছে৷
সেয়েহে উপায়বিহীন কৃষক ৰাইজে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহন কৰাৰ বাবে দাবী জনাইছে৷