মৰিগাঁও পৌৰসভাৰ যুৱ কৰ্মচাৰী ৰহস্যজনক মৃত্যু
মৰিগাঁও পৌৰসভাৰ যুৱ কৰ্মচাৰী ৰহস্যজনক মৃত্যু । মৃত যুৱ কৰ্মচাৰীজনৰ নাম অনল কুণ্ডু।নিশা শুই থকা অৱস্থাত মৃত্যুৰ সন্দেহ । পুৱা বন্ধ দুৱাৰ ভাগি মৃতদেহ উদ্ধাৰ ।আৰক্ষী তদন্ত অব্যাহত ৰাখিছে ।অমায়িক অনলৰ মৃত্যুৰ বাতৰিত শোকৰ ছাঁ পেলাইছে মৰিগাঁৱত ।
সমগ্ৰ দেশতেই লক ডাউন চলি আছে । কৰ'ণা ভাইৰাচৰ বিৰুদ্ধে মৰিগাঁওৰ বাসীৰাইজক সুৰক্ষিত কৰি কৰিবলৈ অতন্দ্ৰ প্ৰহৰীৰ দায়িত্ব পালন কৰি আহিছে অনল কুণ্ডু নামৰ যুৱক জনে । লক ডাউনৰ সময়ত সমগ্ৰ মৰিগাঁও নগৰ খনতেই চেনিটাইজ কৰা নগৰ বাসীক পানী যোগান ধৰা আদি কাম নিষ্ঠাৰে পালন কৰিছিল । মঙ্গল বাৰেও নিশা আঠ বজালৈ নিজৰ কত্তৰ্ব্য কৰি ঘৰলৈ গৈছ যুৱক জন । কিন্তু আজি পুৱা শুই থকা অনলক জগাবলৈ গৈ নিঠৰ দেহ উদ্ধাৰ কৰে ঘৰৰ লোকে । তাৰ পিছতেই হুৱা দুৱা লাগে সকলোৱে মাজত । মূহুৰ্ততে অনলৰ মৃত্যুৰ খবৰ বন জুইৰ দৰে বিয়পি পৰিল সমগ্ৰ মৰিগাঁওতে । এতিয়ালৈকে মৃত্যুৰ ৰহস্য পোহৰলৈ অহা নাই । মৰণোত্তৰ পৰীক্ষাৰ ফলাফলৰ পিছতহে ওলাব প্ৰকৃত সত্য ।