হাজো বিদ্যুত উপ সংমণ্ডলত অনাদায় হৈ আছে ২২ কোটিকৈ টকা।বিদ্যুতৰ বিল অনাদায় হৈ থকা আৰু অবৈধভাবে বিদ্যুৎ সংযোগ কৰা পোন্ধৰ শ তকৈয়ো অধিক বিদ্যুৎ সংযোগ কৰ্তন কৰা হৈছে হাজোত। শক্তি মন্ত্ৰী বিমল বৰাই ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিদ্যুত চুৰি কাৰ্য ৰোধ কৰাৰ লগতে অনাদায় হৈ থকা বিদ্যুত মাচুল সংগ্ৰহ কৰাৰ বাবে নিৰ্দেশ দিয়াৰ পাছত তৎপৰ হৈ পৰিছে বিদ্যুত বিভাগ। সেই অনুসৰি হাজো বিদ্যুত উপ সংমণ্ডলৰ অধীনৰ বিভিন্ন প্ৰান্তত বিষয়া কৰ্মচাৰী সকলে বিদ্যুত চুৰি ৰোধ, ৰাইজৰ মাজত সজাগতা আৰু অনাদায় বিদ্যুত মাচুল সংগ্ৰহৰ বাবে অভিযান চলায়। হাজোৰ কলিতাকুছি, বৰুৱাবাৰী, বেজপাৰা আদি অঞ্চলত অভিযান চলাই বিদ্যুত মাচুল অনাদায় হৈ থকা আৰু বিদ্যুত চুৰি কৰা কেইবাটিও পৰিয়ালৰ ঘৰৰ বিদ্যুত সংযোগ কৰ্তন কৰাৰ লগতে বিদ্যুত সংযোগ কৰা তাঁৰ, মিটাৰবক্স, পানীৰ মটৰ আদি জব্দ কৰাৰ লগতে ঠায়ে ঠায়ে ৰাইজক সজাগ কৰাৰ বাবে ৰাইজৰ সৈতে মত বিনিময়ো কৰে দলটোৱে। হাজো বিদ্যুত উপ সংমণ্ডলৰ বিষয়া ৰেজ্জাক উদ্দিন শ্বেখে পূৰ্বৰ তুলনাত বিগত মাহত ১০০ শতাং বিদ্যুত মাচুল সংগ্ৰহ হৈছে বুলি উল্লেখ কৰে। আনহাতে অবৈধ বিদ্যুত সংযোগ কৰা সকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব বুলি মন্তব্য কৰে বিদ্যুৎ বিভাগৰ মাৰ্কেটিং মহাপ্ৰৱন্ধক দিলীপ কুমাৰ পাটগিৰীয়ে।
হাজোৰ পৰা চিন্টু মনিৰ ৰিপ'ৰ্ট
Tags
অসমীয়া বাতৰি