meta name="facebook-domain-verification" content="2u20w3a5eu94ehyno1esmjlvzzz165" /> গৌতম দাস পুনৰ নিৰ্বাচিত

গৌতম দাস পুনৰ নিৰ্বাচিত




বিটিচি নিৰ্বাচনত মথনগুৰী সমষ্টিৰ পৰা দ্বিতীয় বাৰৰ বাবে নিৰ্বাচিত হৈছে বিজেপিৰ গৌতম দাস ৷ প্ৰথমবাৰ তেখেতে বিপিএফৰ প্ৰাৰ্থী হিচাবে জয়ী হৈ এমচিএলএ হৈছিল ৷ কিন্তু তেখেতক এইবাৰ বিপিএফ দলৰ দলীয় টিকটৰ পৰা বঞ্চিত কৰা হৈছিল ৷ শেষমুহূৰ্তত তেখেতে বিপিএফ ত্যাগ কৰি বিজেপিত যোগদান কৰি বিজেপিৰ টিকটত নিৰ্বাচনত অৱতীৰ্ণ হয় ৷ বিজেপিৰ ৰাজ্যিক সভাপতি ৰনজিৎ কুমাৰ দাসৰ বিশেষ তৎপৰতা আৰু বিজেপিৰ কৰ্মী সকলৰ নেৰানেপেৰা চেষ্টাৰ ফলত অৱশেষত ৫১২৫ ভোটৰ ব্যৱধানত গৌতম দাসে বিপিএফ দলক পৰাভূত কৰি নিৰ্বাচিত হবলৈ সক্ষম হয় ৷

উল্লেখ্য যে প্ৰথমবাৰ গৌতম দাসে বিপিএফৰ প্ৰাৰ্থী হিচাবে নিৰ্বাচিত হওঁতে বিজেপিৰ প্ৰাৰ্থী প্ৰবীন দাসক প্ৰায় ১২ শ ভোটত হৰুৱাইছিল ৷ সেইজন গৌতম দাসেই এইবাৰ বিজেপিৰ প্ৰাৰ্থীহৈ বিপিএফৰ প্ৰাৰ্থী গৰাকীক ৫১২৫ টা ভোটৰ ব্যৱধানত পৰাভূত কৰিছে ৷ সৰভোগ বিধান সভা সমষ্টিৰ অধিকাংশ অঞ্চল অন্তৰ্ভুক্ত থকা মথনগুৰী সমষ্টিত বিজেপিৰ ভোট এইবাৰ পূৰ্বতকৈ বহুখিনি বৃদ্ধি হোৱাত স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে বিজেপি দল ৷ যাৰ প্ৰভাৱ অনাগত বিধান সভা নিৰ্বাচনত পৰিব বুলি যথেষ্ট আশাবাদী গেৰুৱা দলটো ৷

Post a Comment

Previous Post Next Post