চাৰিলণ্ডযুক্ত পথ নিৰ্মাণৰ বাবে চৰকাৰে অধিগ্ৰহণ কৰা ভূমিৰ বৰ্দ্ধিত মূল্য বিচাৰি টীয়কত প্ৰতিবাদ
TEOK:চৰকাৰে চাৰিলেণ্ডযুক্ত ৰাষ্ট্ৰীয় ঘাই পথ সম্প্ৰসাৰণৰ বাবে ভূমি অধিগ্ৰহণ কৰোতে টীয়কৰ নগৰাঞ্চলত ক্ষতিগ্ৰস্থ সকলক মাটিৰ মূল্য গ্ৰাম্যাঞ্চলৰ মাটিৰ মূল্য হিচাপে চিহ্নিত কৰি নূন্যতম মূল্য প্ৰদান কৰে গত সময়ছোৱাত।সেই লৈ ক্ষতিগ্ৰস্থ সকলে মাটিৰ মূল্য কম হোৱা বুলি আপত্তি কৰাত (LA BRANCH)ভূমি অধিগ্ৰহণ কৰ্তৃপক্ষই ভবিষ্যতে মাটিৰ মূল্য সংশোধন কৰি উচিত মূল্য দিব বুলি আশ্বাস দি তেতিয়া গ্ৰাম্যাঞ্চলৰ দৰতে নিৰ্ধাৰণ হোৱা মূল্য ল'বলৈ আহ্বান জনাই যদিও এই পৰ্যন্ত বৰ্দ্ধিত মূল্য আদায় দিয়া নাই।সেয়ে টীয়কৰ ক্ষতিগ্ৰস্থ ৰাইজ একত্ৰিত হৈ টীয়কৰ মাজমজিয়াত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।লগতে টীয়ক নগৰৰ মাটিৰ শ্ৰেণী গাঁও নে নগৰ অঞ্চলৰ অন্তভূক্ত তাক স্পষ্ট নিৰ্দেশনা দি'বলৈ আৰু সকলো ক্ৰুটি আঁতৰাই খৰটকীয়াকৈ কাম আৰম্ভ কৰিবলৈ চৰকাৰক দাবী জনাই অন্যথা দাবীসমূহ পুৰন নোহোৱা পৰ্যন্ত কোনোধৰণৰ নিৰ্মাণৰ কাম কৰিবলৈ নিদিয়ে বুলি হুংকাৰ প্ৰদান কৰে। উল্লেখযোগ্য যে সদৌ অসম ছাত্ৰ সন্থা,জাতীয়বাদী যুৱ ছাত্ৰ পৰিষদকে ধৰি ভালেসংখ্যক দল সংগঠনে ক্ষতিগ্ৰস্থ ৰাইজৰ এই প্ৰতিবাদত অংশগ্ৰহণ কৰি সকলো ক্ষেত্ৰতে সহযোগিতা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে যোৰহাট সাংসদীয় সমষ্টিৰ সাংসদগৰাকীক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।

Tags
অসমীয়া বাতৰি