শিক্ষা মন্ত্রীৰ ই-স্কুটি ঘোষণাত গোৱালপাৰা মহাবিদ্যালয়ৰ ছাত্ৰী সকলে জাঙুৰ খাই উঠিছে

 শিক্ষা মন্ত্রীৰ  ই-স্কুটি ঘোষণাত  গোৱালপাৰা মহাবিদ্যালয়ৰ ছাত্ৰী সকলে জাঙুৰ খাই উঠিছে


প্ৰসংগ বিনামূলীয়া ই-স্কুটি আৰু শিক্ষা মন্ত্ৰীৰ এটা ঘোষনা।  শিক্ষা মন্ত্রীৰ ঘোষণাই সমগ্ৰ অসমৰ লগতে গোৱালপাৰা মহাবিদ্যালয়ৰ ছাত্ৰী সকলেও জাঙুৰ খাই উঠিছে। কিয়নো ২০১৭ চনত জ্ঞনদ্বীপিকা আঁচনিৰ জৰিয়তে উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উৰ্ত্তীণ হোৱা ছাত্ৰী সকলক প্ৰদান কৰিছে স্কুটি।২০১৭চনত প্ৰথম বাৰ বাবে এক হাজাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰীক প্ৰদান কৰিছিল স্কুটি। কিন্তু ২০১৮ চনৰ পাচ হাজাৰ ছাত্ৰীক আৰু ২০১৯ চনৰ ১৯ হাজৰ ছাত্ৰীক স্কুটিৰ পৰা বঞ্চিত কৰে অসম চৰকাৰে। এইদৰে ২৪ হাজাৰ ছাত্রীক স্কুটীস্কুটাৰ পৰা বঞ্চিত কৰি  বৰ্তমানৰ শিক্ষা মন্ত্ৰী গৰাকীয়ে পুনৰ ঘোষনা কৰে ২০২০ বৰ্ষত উচ্চতৰ মাধ্যমিকত প্ৰথম বিভাগত উৰ্ত্তীণ হোৱা ছাত্ৰী সকলক প্ৰদান কৰা হ'ব স্কুটি।  শিক্ষা মন্ত্রীৰ এনে ঘোষনাঘোষণাই জাঙুৰ খাই উঠিছে ছাত্ৰী সকলে।আজি গোৱালপাৰা জিলা সাংবাদিক সন্থাৰ কাৰ্যালয়ত এক সংবাদমেলৰ জৰিয়তে ২০১৯ বৰ্ষৰ ছাত্ৰী সকলে শিক্ষা মন্ত্ৰীক প্ৰশ্ন কৰে আমি কি কৰিলোঁ আমাক কিয় বঞ্চিত কৰিলে।

Post a Comment

Previous Post Next Post