কলিয়াবৰত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত পথ অৱৰোধ কলিয়াবৰ ফ’ৰলেন দাবী সমিতিৰ।
কলিয়াবৰ তিনিআলিত নিৰ্মাণত চাৰি লেন যুক্ত পথৰ কাষত উপ পথ নিৰ্মান আৰু নলাৰ ব্যৱস্থাৰ দাবীত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰিছে স্থানীয় জনসাধাৰণে। পথ নিৰ্মানত হোৱা ব্যাপক বিসংগতিৰ পৰিপ্ৰেক্ষিতত প্ৰায় আধা ঘন্টা সময় পথ অৱৰোধ কৰাত ৰাষ্ট্ৰীয় ঘাইপথত যানবাহনৰ তীব্ৰ যানজঁটৰ সৃষ্টি হয়। দীৰ্ঘদিনীয়া সমস্যাৰ দাবীৰে কলিয়াবৰ জনসাধাৰণে অৱশেষত আজি পথ অৱৰোধ কৰিবলৈ বাধ্য হয়। প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে বন্ধ কৰি দিয়ে পথ নিৰ্মাণৰ কাম কাজ ।

Tags
অসমীয়া বাতৰি