হাজোৰ বৰ্ণিত নিশা হাহাকাৰ। আৰক্ষী জোৱানক ড্ৰাগছ মাফিয়াৰ চুৰিকাঘাট।
হস্পিতালৰ বিছনাত তেজেৰে লুতুৰী পুতুৰী হৈ থকা মানুহ জনৰ নাম ফকৰউদ্দিন আহমেদ- এওঁ হৈছে এগৰাকী হৈছে মহানগৰ যানবাহন শাখাৰ আৰক্ষী কনিষ্টবল। হাজোৰ বৰ্ণিৰ ড্ৰাগছ মাফিয়া মকবুল আলীৰ চুৰিকাঘাতত ধাৰাসায়ী আৰক্ষী হ'ল কনিষ্টবল গৰাকী। ড্ৰাগছ মাফিয়া মকবুল ওৰফে বদনক বিচাৰি হাজো আৰক্ষীয়ে চলাইছিল অভিযান। হাজো আৰক্ষীক মকবুল সন্দৰ্ভত তথ্য যোগান ধৰাৰ অভিযোগ তুলি নিশা এইদৰে অতৰ্কিতে ড্ৰাগছ মাফিয়া বদনে আক্ৰমণ কৰিলে আৰক্ষী কনিষ্টবল জনক। ড্ৰাগছ মাফিয়াৰ চুৰিকাঘাতত গুৰুতৰ ভাবে আহত হৈ হাজো চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে কনিষ্টবল ফকৰউদ্দিনক। এই ঘটনাৰ পাছতে হাজোৰ বৰ্ণিত চাঞ্চল্য।ইতিমধ্যে ফকৰুদ্দিন আহমেদক উন্নত চিকিৎসাৰ বাবে GMCH লৈ প্ৰেৰণ কৰা হৈছে।আৰক্ষী তদন্ত অব্যাহত ৰাখিছে যদিও সম্প্ৰতি পলাতক অৱস্হাত মকবুল ওৰফে বদন।

Tags
অসমীয়া বাতৰি