মৰিগাঁৱত বিশিষ্ট নাগৰিকৰ সৈতে ৰাজ্যৰ উপ-আৰক্ষী সঞ্চালক প্ৰধান ব্ৰজেনজিৎ সিনহাৰ সৌহাদ্যমূলক মত বিনিময়উপষ্ঠিত জিলা আৰক্ষী অধিক্ষক নন্দচিং বৰকলা

মৰিগাঁৱত বিশিষ্ট নাগৰিকৰ সৈতে ৰাজ্যৰ  উপ-আৰক্ষী সঞ্চালক প্ৰধান  ব্ৰজেনজিৎ সিনহাৰ সৌহাদ্যমূলক মত বিনিময়উপষ্ঠিত জিলা আৰক্ষী অধিক্ষক নন্দচিং বৰকলা



মৰিগাঁৱত বিশিষ্ট নাগৰিকৰ সৈতে ৰাজ্যৰ  উপ-আৰক্ষী সঞ্চালক প্ৰধান  ব্ৰজেনজিৎ সিনহাৰ সৌহাদ্যমূলক মত বিনিময় ।   মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক  নন্দ সিং বৰকলাৰ উপস্থিতিত
ৰাজ্যৰ  উপ-আৰক্ষী সঞ্চালক প্ৰধান ব্ৰজেনজিৎ সিনহাই  মৰিগাঁৱৰ  বিভিন্ন অঞ্চল আজি পৰিদৰ্শন কৰি নাগৰিকৰে মত বিনিময় কৰে  ।  উচ্চ পদস্থ আৰক্ষী বিষয়াজনে মায়াঙৰ এখন সভাত অংশ গ্ৰহণ কৰি  লাহৰিঘাটলৈ ৰাওনা হয়।লাহৰিঘাটতো এখন সভাত তেওঁ  অংশ গ্ৰহণ কৰে ।  মৰিগাঁও জিলাৰ  আৰক্ষী অধীক্ষকৰ কাৰ্যালয় প্ৰেক্ষাগৃহত তেওঁ বিভিন্ন দল-সংগঠন,অনুষ্ঠান-
প্ৰতিষ্ঠান প্ৰতিনিধি, বিশিষ্ট নাগৰিক সকলৰ সৈতে সাম্প্ৰতিক বিভিন্ন দিশৰ ওপৰত আলোচনাত মিলিত হৈ আৰক্ষী-ৰাইজৰে সম্পৰ্ক অধিক দৃঢ় হোৱাৰ ওপৰত গুৰুত্ব আৰোপ কৰি অসামাজিক কাৰ্যকলাপ সমাজৰ পৰা ৰোধ কৰাৰ ক্ষেত্ৰত সংশ্লিষ্ট সকলো পক্ষৰে সহযোগিতা কামনা কৰে । 

Post a Comment

Previous Post Next Post