কলিয়াবৰৰ হাতীবন্ধাত লোমহৰ্ষক হত্যাকাণ্ড
এটা ছাগলীক কেন্দ্ৰ কৰি শনিবাৰে বিয়লি সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ড । আমবাগান আৰক্ষী চকীৰ এলেকাধীন হাৰিভাঙাত সংঘটিত হয় হত্যাকাণ্ডটো। হাৰিভাঙাৰ সুজিত মণ্ডল, সুশীল মণ্ডল আৰু সঞ্জিত মণ্ডল নামৰ তিনিজনে পথাৰতে হত্যাকৰে এজনক। বিৰেন দাস নামৰ ওচৰ-চুবুৰীয়াজনক পথাৰতে এখন দাৰে ঘপিয়াই হত্যা কৰে তিনিওজনে। এই ঘটনাত আহত হয় মহন্ত দাস নামৰ আন এজন।হত্যাত অভিযুক্ত সুজিত মণ্ডলক আটক কৰে আৰক্ষীয়ে। অভিযুক্ত আন দুজনৰ সন্ধানত অব্যাহত ৰাখিছে আৰক্ষীয়ে। অভিযুক্তৰ বাসগৃহত অগ্নি সংযোগ কৰে ক্ষুব্ধ ৰাইজে।

Tags
অসমীয়া বাতৰি