গোৱালপাৰাত আৰক্ষীৰ নাকৰ তলত গঢ় লৈ উঠিছে অবৈধ সুৰাৰ বেহা।

গোৱালপাৰাত আৰক্ষীৰ নাকৰ তলত গঢ় লৈ উঠিছে  অবৈধ সুৰাৰ বেহা

 গোৱালপাৰা চহৰৰ অলিয়ে-গলিয়ে  বিভিন্ন অবৈধ সুৰাৰ অবাধ প্ৰচলনে পুনৰবাৰ উদঙাই দিছে আৱকাৰী বিভাগৰ লগতে আৰক্ষী প্ৰশাসনৰ দায়িত্বহীনতাক ।

চহৰখনৰ এচাম সমাজ বিৰোধী অসাধু লোকে আবকাৰী বিভাগ কিম্বা প্ৰশাসনক বৃদ্ধাংগুষ্ঠা দেখুৱাই  অবৈধভাৱে ৰমৰমীয়াকৈ চলাই গৈছে সুৰাৰ ব্যৱসায়।

উল্লেখ্যে যে গোৱালপাৰা চহৰৰ  মাজমজীয়াত ডি এন সিংহা ষ্টেডিয়ামৰ কাষত বেলতলা বজাৰত  অবৈধ সুৰাৰ বেহা চলাই আহিছে যদিও সকলোবোৰ দেখি শুনিও চকু মুদা কুলিৰ ভাও দি আহিছে জিলা আৱকাৰী বিভাগ তথা স্থানীয় আৰক্ষী প্ৰশাসন।

উক্ত স্থানৰ শূণ্য দূৰত্ব আছে জিলা আৰক্ষী চাউনি , প্ৰায় দুশ মিটাৰ দুৰত বালিজানা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়, প্ৰায় চাৰিশ মিটাৰ দূৰত আৰক্ষী অধীক্ষকৰ বাসভৱন,অৰ্ধ কিলো মিটাৰ দূৰত্ব অৱস্থিত জিলা উপযুক্তৰ কাৰ্যলয় আৰু প্ৰায় এক কিলো মিটাৰ নিলগত জিলা আবকাৰী বিষয়াৰ কাৰ্যালয় থকা সত্বেও কাৰো চকুত নপৰা বিষয়টো চকু কপালত তুলিছে সচেতন মহলৰ।
অানহাতে ৰাজ্যিক ঘাইপথৰ কাষত এনেদৰে মুকলি কৈ অবৈধ ভাৱে সুৰাৰ ৰমৰমীয়া ব্যৱসায় চলি থকাক লৈ কি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জিলা চি পি আই এম দলৰ সম্পাদক ননী দাসে চাওক আমাৰ এই প্ৰতিবেদন।

Post a Comment

Previous Post Next Post