হাজোৰ এটি তেৰ বছৰীয়া কিশোৰ পখিলা খেদা বয়সত আক্রান্ত ব্লাড কেঞ্চাৰ ত

হাজোৰ এটি তেৰ বছৰীয়া কিশোৰ পখিলা খেদা বয়সত আক্রান্ত  ব্লাড কেঞ্চাৰ ত


 পখিলা খেদি সময় অতিবাহিত কৰা চিৰাজুলৰ শৈশৱৰ সোণালী গোন্ধ ত আমোলা মোল  জীৱন।পিছে এজাক প্ৰচণ্ড  ধুমুহাই  চিৰাজুলৰ সোণালী শৈশৱক উটুৱাই লৈ হল দূৰ দিগন্তলৈ।সদায় সমনীয়া ৰ সৈতে হাঁহি খেলি ভাল পোৱা চিৰাজুল আজি পাখি ভঙা পক্ষী ।  বিগত এটা বছৰ পূৰ্বে মাৰাত্মক ব্লাড কেঞ্চাৰ ৰ উপস্থিতি ধৰা দিছে কিশোৰি গৰাকী ৰ দেহত।।।গুৱাহাটী মেডিকেল কলেজ হাস্পিটেলত বিভিন্ন পৰীক্ষা কৰাত ধৰা পৰে এই মাৰাত্মক ৰোগ বিধ।।দিন হাজিৰা কৰি দৰিদ্ৰ পৰিয়াল টোক পিতৃ মাতৃয়ে ঘৰৰ সকলো সম্পত্তি বিক্ৰী কৰি বিগত এটা বছৰে চিকিসা প্ৰদান কৰিছে যদিও সাম্প্ৰতিক উন্নত চিকিৎসা ৰ বাবে পৰিয়াল টোক প্ৰয়োজন হৈছে বুজন পৰিমাণৰ ধন ।। নিজৰ সন্তান জনৰ লাখুটি ডাল এ সাৰথি হৈ পৰাত অন্তৰ ভাঙি গৈছে পিতৃ মাতৃ ৰ।।নিজৰ ঘৰ ভেটিটোৰ বাহিৰে পৰিয়াল টোৰ সকলো সম্পত্তি পুত্ৰৰ চিকিৎসাৰ নামত বিক্ৰী যোৱাত এতিয়া ৰাইজে হৈ পৰিছে শেষ ভৰসা।।আপোনাৰ মোৰ অকণমান সহায়ৰ ফলত  চিৰাজুলৰ জীৱন ৰক্ষা কৰাৰ বাবে অনুৰোধ  দুৰ্ভগীয়া পিতৃ মাতৃৰ ।কোনো ব্যক্তিয়ে  যদি সহায় কৰিব বিচাৰে   -     অসম গ্ৰামীণ বিকাশগাঁৱলীয়া বেংক ।
শাখা বড়ম্ব।
IFSC CODE -UTBI0 RRB AGB
একাউণ্ট নাম্বৰ -72277029010137 ৰত সহায় কৰিব পাৰে 

Post a Comment

Previous Post Next Post