মৰিগাঁৱত ভূমি পূজন অনুষ্ঠান আয়োজন

মৰিগাঁৱত ভূমি পূজন অনুষ্ঠান আয়োজন


সমগ্ৰ দেশৰ লগতে আজি মৰিগাঁও জিলা বিভিন্ন অঞ্চলত অযোধ্যা ৰাম মন্দিৰ ভূমি পূজন অনুষ্ঠানৰ লগত সংগতি ৰাখি নাম ঘৰ মন্দিৰ আদিত ধূপ শৰাই বন্তি আদি প্ৰজ্বলন কৰি বিভিন্ন ধৰনৰ ধৰ্মীয় অনুষ্ঠান আয়োজন কৰা দেখাঁ যায়। আনফালে বুধবাৰে দিনত মৰিগাঁও বিজেপি কাৰ্যক্ৰতা সকলে জিলা খনৰ সদৰ মুল পথ সমুহ গেৰুৱা কৰি টোলা লগতে বিভিন্ন অনুষ্ঠান আয়োজন কৰে।পুৱা কেইবাটাও মন্দিৰত বন্তি প্ৰজ্বলন কৰা লগতে দুপৰিয়া প্ৰসাদ বিতৰণ কৰি পোনৰ সন্ধা বন্তি প্ৰজ্বলন কৰে।এই ক্ষেত্ৰত জিলা বিজেপি সভাপতি প্ৰবিণ মেধি আৰু সম্পাদক ৰাম প্ৰসাদ চৰকাৰে জিলা খনৰ বিভিন্ন মন্দিৰত পূজা অৰ্চনাত অংশ গ্ৰহণ কৰে বুলিও জানিবলৈ দিয়ে।

Post a Comment

Previous Post Next Post