জুৱাৰ বিৰুদ্ধে বাতৰি সংগ্ৰহ কৰিব যোৱা সাংবাদিকক অপদস্থ কৰা অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত দৰং জিলা আৰক্ষী অধীক্ষকক স্মাৰকপত্ৰ প্ৰেৰণ দৰং জিলা সাংবাদিক সন্থাৰ ৷

জুৱাৰ বিৰুদ্ধে বাতৰি সংগ্ৰহ কৰিব যোৱা সাংবাদিকক অপদস্থ কৰা  অভিযুক্তক গ্ৰেপ্তাৰৰ দাবীত দৰং জিলা আৰক্ষী অধীক্ষকক স্মাৰকপত্ৰ প্ৰেৰণ  দৰং জিলা সাংবাদিক সন্থাৰ ৷


দৰং জিলাৰ দলগাওঁ থানাৰ অন্তৰ্গত উলুবাৰীত জুৱাৰ বিৰুদ্ধে কালি The Hills Times ৰ মঙলদৈৰ সাংবাদিক আবুল খায়েৰে বাতৰি সংগ্ৰহ কৰিব যোৱাত ৪ নং বৰুৱাঝাৰ গাৱঁৰ জুৱাৰী চোলতান আলীয়ে সাংবাদিক জনক অশ্লীল গালি গালাজ কৰি আক্ৰমণ কৰে। লগতে প্ৰাণে মাৰাৰ ভাবুকি দিয়ে৷ ঘটনা সংক্ৰান্তত আক্ৰান্ত সাংবাদিক জনে দৈপাম আৰক্ষী চকীত গোচৰ ৰুজু কৰিছে। ইফালে সাংবাদিক নিগ্ৰহৰ ঘটনাক দৰং জিলাৰ সাংবাদিক মহলে তীব্র নিন্দা কৰি দোষীক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়। দৰং জিলা আজুৱে আজি দলগাওঁ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীৰ জড়িয়তে আৰক্ষী অধীক্ষকলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰি অপৰাধীক কৰায়ত্ব কৰাৰ লগতে জিলাখনক তীৰ -জুৱা মুক্ত কৰাৰ দাবী জনায়।

Post a Comment

Previous Post Next Post