কৰুণাৰ গণ সংক্ৰমণৰ দিশে এতিয়া কলিয়াবৰ

কৰুণাৰ গণ সংক্ৰমণৰ দিশে এতিয়া কলিয়াবৰ
 

সমগ্ৰ ৰাজ্যতে কৰুণাৰ আক্রান্তৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পাই অহাৰ সমান্তৰালকৈ নগাঁও জিলাতো ইয়াৰ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে।

নগাওঁ জিলাৰ বিভিন্ন প্ৰান্তত কৰুণা ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে কলিয়াবৰ মহকুমা প্ৰশাসনে কলিয়াবৰত কৰুণাই ভয়াবহ ৰূপ লব নোৱাৰাকৈ বিভিন্ন ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে।

ইয়াৰে অংশ হিচাপে ২৯ জুলাইৰ পৰা কলিয়াবৰৰ বাণিজ্য ক্ষেত্ৰ জখলাবন্ধাত কৰুণাৰ ৰিপিত টেষ্টৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ২৯ জুলাইৰ দিনা জখলাবন্ধাৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ৰিপিট টেষ্টৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পাছত ৩০ জুলাই তাৰিখে জখলাবন্ধাৰ অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ আস্থানত কলিয়াবৰ মহকুমা প্ৰশাসনৰ ব্যৱস্থাপনাত সাস্থ্য বিভাগৰ সহযোগিত কৰুণাৰ ৰিপিট টেষ্টত ৬ জন লোকৰ দেহত কভিড১৯ পজিটিভ ধৰা পৰে। ইয়াৰে ৪ জন হৈছে জখলাবন্ধাৰ ৰয় ক্লথ ষ্টোৰৰ স্বত্বাধিকাৰী আৰু দোকানৰ তিনি কৰ্মচাৰীৰ দেহত ধৰা পৰে।আন দুজন ক্ৰমে কলিয়াবৰৰ নলতলিৰ হাতীয়েখোৱা অঞ্চলৰ বুলি জানিব পৰা গৈছে।

আনহাতে এই ৬জন ব্যক্তিৰ দেহত  কভিড ১৯ পজিটিভ ধৰা পৰাৰ পাছত সমগ্ৰ জখলাবন্ধাৰ বাণিজ্য ক্ষেত্ৰত কৰুণাৰ শংকাই দেখা দিছে। সেয়ে অহা কালিলৈ পুনৰ বাণিজ্য কেন্দ্ৰত কৰুণাৰ ৰিপিট টেষ্ট পুনৰ অব্যাহত থাকিব বুলি কলিয়াবৰ মহকুমা প্ৰশাসন তথা সাস্থ্য বিভাগে জানিবলৈ দিয়ে।

বৰ্তমান কভিড১৯ পজিটিভ ৬ গৰাকী ৰোগীক কোৱাৰাইতেন কেন্দ্ৰত ভৰ্তি কৰাই কলিয়াবৰ মহকুমা প্ৰশাসন তথা সাস্থ্য বিভাগে ।

Post a Comment

Previous Post Next Post