গোৱালপাৰাত ১৫২ নম্বৰ চি আৰ পি এফ বেটেলিয়েনৰ ৮১ সংখ্যক স্থাপিত দিবস পালন : দেশৰ আভ্যন্তৰীণ সুৰক্ষাত চি আৰ পি এফৰ আছে অভুতপূৰ্ব প্ৰতিদান : শংকৰ মিশ্ৰ
গোৱালপাৰা ২৭ জুলাই : গোৱালপাৰা জিলাৰ শাস্ত্ৰীনগৰ স্থিত চি.আৰ.পি.এফৰ ১৫২ নম্বৰ বেটেলিয়ন শিৱিৰত বেটেলিয়ন কমাণ্ডেন্ট শ্ৰী শংকৰ মিশ্ৰৰ অধ্যক্ষতাত ৮১ সংখ্যক চি.আৰ.পি.এফৰ স্থাপিত দিৱস হিচাপে পালন কৰা হয়।উক্ত অনুষ্ঠানত কমাণ্ডেন্ট গৰাকীয়ে বেটেলিয়নৰ সমূহ সদস্য তথা তেওঁলোকৰ পৰিয়ালবৰ্গক অভিনন্দন জ্ঞাপন কৰাৰ লগতে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলী জনাই দুই মিনিট মৌন প্ৰাৰ্থনা কৰে। অনুষ্ঠানত কমাণ্ডেন্ট শ্ৰী শংকৰ মিশ্ৰৰ লগতে দ্বিতীয় কমাণ্ড অধিকাৰী শ্ৰী ধৰম সিং,শ্ৰী প্ৰদীপ কুমাৰ সিং,উপ কমাণ্ডেন্ট শ্ৰীমতী বিনীতা কুমাৰী,শ্ৰী হৰ্ষ ত্রিপাঠী তথা বেটেলিয়ানৰ চুবেদাৰ মেজৰ নিৰীক্ষক ৰাজকুমাৰ সহিতে সকলো সদস্য উপস্থিত থাকে। কোৱাৰ্টাৰ গাৰ্ডত কমাণ্ডেটক চেল্যুট জনোৱাৰ লগতে উপস্থিত লোকৰ মাজত মিঠাই বিতৰণ কৰা হয়। কেন্দ্ৰীয়ভাৱে এই ফৰ্চটোক জন্ম দিয়া হৈছিল ১৯৩৯ চনৰ ২৭ জুলাইত মধ্যপ্ৰদেশৰ নীমচ নামৰ ঠাইত 'কাউন্ট ৰিপ্ৰেজেন্টেটিভ পুলিচ' নামেৰে আৰু ভাৰতৰ প্ৰথম গৃহমন্ত্রী শ্ৰী চৰ্দাৰ বল্লভভাই পেটেলৰ দ্বাৰা সংসদত ১৯৪৯ চনৰ ২৮ ডিচেম্বৰত ইয়াৰ নাম সলাই কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ ফৰ্চ (চি.আৰ.পি.এফ) কৰাৰ প্ৰস্তাৱ ৰখা হৈছিল।ইয়াৰ আৰম্ভনীতে মাত্র এটা বেটেলিয়ন আছিল কিন্তু আজি মুঠ ২৪৯ বেটেলিয়ান,৪৩ টা গ্ৰুপ কেন্দ্ৰ,২০টা প্ৰশিক্ষণ শিৱিৰ,৩টা চি.ডব্লিউ.এচ,৭টা এ.ডব্লিউ.এচ,৩ টা এচ.ডব্লিউ.এচ,২১ কম্পোজিত হাস্পতালৰ সৈতে এই ফৰ্চটোক বিশ্বৰ সবাতোকৈ বিশাল অৰ্ধসামৰিক বাহিনী হিচাপে গৌৰৱ কৰা হয়।ইয়াৰ লগতে এই ফৰ্চটোত বিশ্বৰ প্ৰথম অৰ্ধসামৰিক মহিলা বেটেলিয়নক প্ৰশিক্ষন দিয়া হৈছিল বুলি কোৱা হয়।বৰ্তমান এই বাহিনীটো দেশৰ প্ৰতিখন ৰাজ্যতে ব্যাপক ৰুপত সাজু হৈ আছে জনতাৰ সুৰক্ষাৰ বাবে।উত্তৰ-পূৱৰ আইন ব্যৱস্থাক মজবুত কৰিবলৈ,মধ্য ভাৰতত নক্সালবাদ আৰু জম্মু কাশ্মীৰত সন্ত্রাসবাদক দমন কৰিবলৈ এই বাহিনীয়ে মুখ্য ভূমিকা গ্ৰহণ কৰিছে।ইয়াৰ উপৰিও এই বাহিনীক কেন্দ্ৰীয় চৰকাৰে আন বিভিন্ন ধৰণৰ দায়িত্বৰ ভিতৰত পৰিৱেশ সংৰক্ষণৰ বাবে বৃক্ষৰোপণ,জল সংৰক্ষণ তথা জনকল্যানকামী কাম, সমাজৰ নিম্ন বৰ্গৰ লোকক আত্মনিৰ্ভৰশীলতাৰ বাবে প্ৰশিক্ষণ দিয়া আদিৰ দায়িত্ব অৰ্পণ কৰা হৈছে বুলি কমাণ্ডেন্ট শংকৰ মিশ্ৰই জানিবলৈ দিয়ে ।

Tags
Hindi News