মৰিগাঁৱত বানাক্ৰান্ত সকলৰ কাষত অভিনেত্ৰী আইমী বৰুৱা
জাগীৰোড বিধান সভা সমষ্টিৰ বিশেষকৈ অসম মেঘালয়ৰ সীমান্তৱৰ্তী সৰু মাটি পৰ্ব্বত অঞ্চলৰ বানাক্ৰান্তৰ খবৰ লৈ শিশু, মহিলা খাদ্য আৰু মহিলাসকলৰ অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ বন্যাৰ্ত্তৰ মাজত। ইয়াৰ উপৰিও শনিবাৰে মৰিগাঁও জিলাৰ নেলী, গোভা, সীতাজখলা আদি অঞ্চলত বহুকেইটা আশ্ৰয় শিবিৰ থকা মহিলাৰ সৈতে মতবিনিময় । প্ৰতিকূল বতৰকো নেওচি শনিবাৰে উপস্থিত হয় জাগীৰোডৰ বানাক্ৰান্তৰ কাষত থিয় হৈ ঘৰ দুৱাৰ ধংস হোৱাৰ পাছত এনেদৰে য'তে ত'তে থাকিব লগা হোৱাতো কিমান যন্ত্ৰনা দায়ক সেয়া অনুভৱ কৰিব নোৱাৰি । মই এগৰাকী মহিলা হিচাপে বন্যাৰ্ত্ত মহিলা সকলৰ সমস্যাৰ বিষয়ে উপলব্ধি কৰিব পাৰিছো। বেয়া লাগিছে কণ-কণ শিশুক লৈ মহিলাসকলে এনেদৰে বানপানীৰ সৈতে সহৱস্হান কৰিব লগাতো। উল্লেখযোগ্য যে অভিনেত্ৰী গৰাকীয়ে কাৰ্বি লাংপি জলবিদ্যুৎ প্ৰকল্পই এৰি দিয়া পানীয়ে প্লাৱিত কৰা কেওটা অঞ্চলৰ বানপীড়িতৰ দুখ-দুৰ্দশাৰ বুজ লৈ নিজাববীয়াকৈ বন্যাৰ্তসকলক অত্যাৱশ্যকীয় সামগ্ৰী বিতৰণ কৰে । আনহাতে শীঘ্ৰে এই পৰিস্থিতি অবসান ঘটিব বুলি আশা কৰে অভিনেত্ৰী গৰাকীয়ে ।

Tags
অসমীয়া বাতৰি