সমষ্টি পুনৰ নিৰ্ধাৰণত টীয়ক নামৰ বিলুপ্তিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল ৰাইজ

সমষ্টি পুনৰ নিৰ্ধাৰণত টীয়ক নামৰ বিলুপ্তিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল ৰাইজ

TEOK:সমষ্টি পুনৰ নিধাৰণৰ সময়ত টীয়ক নামৰ বিলুপ্তি ঘটাই কলিয়াপানী নামাকৰণ কৰিব বিচৰা কাৰ্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে টীয়কৰ ৰাইজ । ইতিমধ্যে প্ৰতিবাদৰ জোৱাৰ উঠিছে টীয়কত । যুৱ ছাত্ৰ পৰিষদৰ টীয়ক আঞ্চলিক সমিতিৰ উদ্যোগত বৃহস্পতিবাৰে টীয়কৰ মাজমজিয়াত মানৱ শৃংখল কাৰ্যসূচী গ্ৰহণ কৰি সমষ্টি পুনৰ নিধাৰণৰ নামত টীয়কৰ নাম বিলুপ্তি ঘটোৱা কাৰ্যৰ প্ৰতিবাদ সাব্যস্ত কৰে ।এই  কাৰ্যসূচীতে টীয়ক আঞ্চলিক চুতীয়া ছাত্ৰ সন্থা,টীয়ক নাগৰিক সমাজে অংশগ্ৰহণ কৰাৰ লগতে  পৃথকে পৃথকে স্মাৰক পত্ৰ টীয়ক ৰাজহ চক্ৰৰ চক্ৰ বিষয়াৰ যোগেদি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে।

Post a Comment

Previous Post Next Post