চেলেংহাটলৈ গৌৰৱ কঢ়িয়ালে দীক্ষা বৰাই

চেলেংহাটলৈ গৌৰৱ কঢ়িয়ালে দীক্ষা বৰাই


 টীয়ক ০৬জুনঃ আজি ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফলত চেলেংহাটৰ দীক্ষা বৰাই ৯০.৮৮  শতাংশ নম্বৰে উত্তীৰ্ণ হৈ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। আমগুৰি অৰুনোদয় একাডেমীৰ পৰা পৰীক্ষাত অৱৰ্তীণ হোৱা ছাত্ৰী গৰাকী চেলেংহাট কুকুৰাছোৱা গাঁৱৰ বাসিন্দা দিলিল বৰা আৰু জোনমনি বৰাৰ কন্যা। দীক্ষাই মাত্ৰ ১২ নম্বৰৰ বাবে প্ৰথম দহটা স্থানৰ পৰা বঞ্চিত হয়। কিন্ত স্থান লাভৰ পৰা বঞ্চিত হ'লেও নিজৰ ফলাফলক লৈ সুখী দীক্ষা আৰু পিতৃ-মাতৃ।"যি খিনি পাইছো তাকে লৈ সুখী মই।স্থান লাভ কৰাটো বিশেষ গুৰুত্ব পূৰ্ণ নহয়"।বুলি নিজৰ অনুভৱ ব্যক্ত কৰে ছাত্ৰী গৰাকীয়ে। নিজকে এগৰাকী সুনাগৰিক ৰূপ গঢ় দিব খোজা দীক্ষাই ভৱিশ্যতে এগৰাকী দক্ষ প্ৰশাসনিক বিষয়া হোৱাৰ সপোন মনত পুহি ৰাখিছে। ছাত্ৰীগৰাকীয়ে কটন নতুবা তেজপুৰ বিশ্ববিদ্যালয়ত ইংৰাজী বিভাগক সন্মানীয় বিষয় হিচাপে লৈ অধ্যয়ন কৰাৰ চিন্তা চৰ্চা কৰা বুলি জানিবলৈ দিয়ে। ছাত্ৰী গৰাকীৰ সফলতাত আপকুৰ যোৰহাট জিলা সমিতিৰ তৰফৰ পৰা অভিনন্দন জনোৱা লগতে ছাত্ৰী গৰাকীৰ শিক্ষা জীৱন আগবঢ়াই নিয়া ক্ষেত্ৰত সহায় সহযোগ আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়ে।            

Post a Comment

Previous Post Next Post