meta name="facebook-domain-verification" content="2u20w3a5eu94ehyno1esmjlvzzz165" /> মৰিগাঁৱৰ এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ গাথাঁ

মৰিগাঁৱৰ এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ গাথাঁ

মৰিগাঁৱৰ এটি দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ গাথাঁ
২০১৪ চনৰ পৰা জালুগুটি টকুনাবড়ী গাঁৱৰ ইমাৰন হুছেইন নামা এটি পাঁচ বছৰীয়া শিশু দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হয়৷ গুৱাহাটীৰ মেডিকেল কলেজ হস্পিতালত চিকিৎসা কৰি আৰোগ্য পাইছিল৷ কিন্তু নিয়তিৰ নিষ্ঠুৰ পৰিহাসত শিশুটিয়ে আকস্মিকভাৱে  পিতৃক হেৰুৱাব লগাত পৰিল ৷ ২০১৮ চনত পিতৃহাৰা পুত্ৰক  বুকুত লৈ বিধৱা মাতৃ গৰাকীয়ে জীৱনৰ সকলো হেৰুৱাইও জীয়াই আছিল শেষ ভৰষা হিচাপে লৈ৷ কিন্তু বৰ্তমান এই ৬ষ্ঠ মানত অধ্যয়নৰত শিশুটি পুনৰ অসুস্থ হৈ পৰিল৷ এতিয়া ক’ত যাব কি কৰিব এই বিধৱা মাতৃ গৰাকী ৷ দিকবিদিক হেৰুৱাই এতিয়া বিচাৰিছে আপোনাৰ মোৰ দৰে কোনো সু হৃদয়বান লোকৰ অকনমাণ সহায়৷ আপোনাৰ অকনমাণ সহায়ে হহি বিৰিঙাবলৈ সক্ষম হব৷ ইতিমধ্যে এই খবৰটো পাই মৰিগাঁও বাৰপুজীয়া উদীয়মান যুৱক দিপাংকৰ ৰাজবংশী অসহায় পৰিয়ালটোক  কিছু আৰ্থিক সহায়ৰ হাত আগবঢ়াই ৰাইজ তথা চৰকাৰক পৰিয়ালটোক সহায় কৰিবলৈ আহ্বান জনাই৷যোগাযোগৰ নম্বৰ 8404078312

Post a Comment

Previous Post Next Post