meta name="facebook-domain-verification" content="2u20w3a5eu94ehyno1esmjlvzzz165" /> ভয়াবহ বানৰ বিভীষিকাৰ মাজতে গোৱালপাৰা জিলাৰ জলেশ্বৰৰ চিলাৰভিটাত উত্তপ্ত পৰিস্থিতি

ভয়াবহ বানৰ বিভীষিকাৰ মাজতে গোৱালপাৰা জিলাৰ জলেশ্বৰৰ চিলাৰভিটাত উত্তপ্ত পৰিস্থিতি

ভয়াবহ বানৰ বিভীষিকাৰ মাজতে গোৱালপাৰা জিলাৰ জলেশ্বৰৰ চিলাৰভিটাত উত্তপ্ত পৰিস্থিতি
ভয়াবহ বানৰ বিভীষিকাৰ মাজতে গোৱালপাৰা জিলাৰ জলেশ্বৰৰ চিলাৰভিটাত উত্তপ্ত পৰিস্থিতি । সহস্ৰাধিক ৰাইজে কপাই তুলিলে চিলাৰভিটাৰ মথাউৰি । চিলাৰভিটাত নিশ্চিহ্নৰ দিশত খৰমুজা বেলডুবি সংযোগী মথাউৰি । চিলাৰভিটাত যিকোনো মূহুৰ্তত চিঙি যাব পাৰে মথাউৰি । ফলত  আতংকিত জলেশ্বৰ সমষ্টিৰ লক্ষাধিক জনসাধাৰণ । নিশ্ঢহ্নৰ কৱলত পৰা মথাউৰি ৰক্ষাৰ দাবীত বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তুলিলে ৰাইজে।  অসম চৰকাৰ হায় হায় । জল-সম্পদ বিভাগ হায় হায় । জলেশ্বৰৰ বিধায়ক হায় হায় । সাংসদ বদৰুদ্দিন আজমল হায় হায় । চিলাৰভিটাৰ মথাউৰি ৰক্ষা কৰক আদি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে ৰাইজে । উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি গৰাখহনীয়াৰ কৰাল গ্ৰাসত পৰিছে জলেশ্বৰ সমষ্টিৰ চিলাৰভিটা,কাঠূৰী আৰু টাকিমাৰী অঞ্চল । দিনক দিনে সংকটজনক পৰিস্থিতিৰ সৃষ্টি হৈছে মথাউৰিৰ । এই মথাউৰটোৰ গৰাখহনীয়া ৰোধৰ ক্ষেত্ৰত একপ্ৰকাৰ ব্যৰ্থ হৈ পৰিছে জল-সম্পদ বিভাগৰ লগতে স্হানীয় বিধায়ক চাহাব উদ্দিন আহমেদ । মনকৰিবলগীয়া যে ব্ৰহ্মপুত্ৰ নদীৰ জলস্তৰ বৃদ্ধি পোৱাৰ লগে লগে প্ৰৱল সংকটজনক হৈ পৰিছে এই মথাউৰটোৰ অৱস্হা । কিন্ত কাণসাৰ নাই জল-সম্পদ বিভাগৰ লগতে চৰকাৰৰ । ফলত ক্ষোভিত হৈ পৰিছে জলেশ্বৰ সমষ্টিৰ হাজাৰ হাজাৰ লোক । আনফালে মথাউৰি ছিগাৰ আশংকাত শ শ পৰিয়ালৰ লোকে নিজৰ ঘৰ-দুৱাৰ স্হানান্তৰ কৰিবলগীয়া হৈছে । বিনিন্দ্ৰ ৰজনি  কটাবলগীয়া হৈছে হাজাৰ হাজাৰ লোকে । উল্লেখযোগ্য যে এই মথাউৰটো চিঙি গ'লে যিকোনো সময়ত সাগৰত পৰিণত হব পাৰে জলেশ্বৰ সমষ্টি । নিশ্চিহ্ন হব হাজাৰ হাজাৰ লোকৰ ঘৰ-দুৱাৰৰ লগতে বিস্তীৰ্ণ অঞ্চলৰ কৃষি ভূমি । অতিশীঘ্ৰেই এই মথাউৰটো ৰক্ষা নকৰিলে জলেশ্বৰ সমষ্টিলৈ এক ভয়ংকৰ দূৰ্যোগ নামি অহাটো একপ্ৰকাৰ খাটাং ।

Post a Comment

Previous Post Next Post