ৰঙা চীনক এক ঘৰীয়া কৰাৰ দাবীত গোৱালপাৰাৰ জলেশ্বৰত আম আদমী পাৰ্টিৰ আক্ৰোশ দিৱস পালন

ৰঙা চীনক এক ঘৰীয়া কৰাৰ দাবীত গোৱালপাৰাৰ জলেশ্বৰত আম আদমী পাৰ্টিৰ আক্ৰোশ দিৱস পালন 

 আম আদমী পাৰ্টিৰ জলেশ্বৰ সমষ্টি কমিটিৰ সমন্বয়ক জাকিৰ হুচাইন আকন্দৰ নেতৃত্বত আম আদমী পাৰ্টিৰ কৰ্মী সকলে জলেশ্বৰত প্ৰতিবাদ সাব্যস্ত কৰি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে l চীন দেশ হুচিয়াৰ, চীনা সৈন্য গো বেক, চীনা সামগ্ৰী বৰ্জন কৰক, ভাৰতীয় সেনা জিন্দাবাদ আদি বিভিন্ন শ্লোগানেৰে ক্ষন্তেক সময়ৰ বাবে পৰিবেশ উত্তাল কৰি তোলে l উল্লেখযোগ্য যে যুদ্ধ নীতি উলংঘন কৰি ৰঙা চীনে লাডাখত ভাৰতীয় সেনাৰ ওপৰত চলোৱা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে লাডাখত শ্বহীদ হোৱা বীৰ জোৱান সকলৈ শ্ৰদ্ধাঞ্জলি জনায় l আম আদমী পাৰ্টিৰ কৰ্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰি অতি শীঘ্ৰে বিশ্বৰ পৰা ৰঙা চীনক একঘৰীয়া কৰাৰ বাবে ৰাষ্ট্ৰসংঘক দাবী জনায় আৰু প্ৰতিজন ভাৰতীয় নাগৰিকক চীনা সামগ্ৰী বৰ্জন কৰিবলৈ আহ্বান জনায় l


Post a Comment

Previous Post Next Post