টীয়কত গৰু চোৰসহ বিলাসী গাড়ী জব্দ কৰিলে আৰক্ষীয়ে
TEOK:যোৱা নিশা টীয়কৰ লাহদৈগড় আৰক্ষীয়ে এক গোপণ সুত্ৰৰ পম খেদি লাহদৈগড় হাতীবৰুৱা চাৰিআলিত এখন বিলাসী বাহন AS-01-4199 নম্বৰৰ টাটা ইণ্ডিগ' সহ দুটাকৈ চোৰ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।জানিব পৰা মতে উক্ত অঞ্চলত দীৰ্ঘদিন ধৰি এই চোৰৰ দলটোৱে নিশা আন্ধাৰৰ সুযোগ লৈ গৰু চোৰ কৰি আহিছিল।ধৃত ৰফিউল হুচেইন আৰু ইমৰান হুচেইন নামৰ চোৰ দুটা সমন্ধত দেউতাক পুতেক।লাহদৈগড় আৰক্ষীৰ এই সফলতাক এতিয়া স্থানীয় ৰাইজে প্ৰশংসা কৰিছে।অৱশ্যে ধৃত ৰফিউলে সমগ্ৰ ঘটনাটো পৰিকল্পিত বুলিহে মন্তব্য কৰিছে।নিশা তেওঁৰ বাৰিৰ পাছপালে তেওঁৰ অজ্ঞাতে কোনো দুষ্ট চক্ৰই দুটা গৰু বান্ধি থৈছিল আৰু গাড়ীখন কোনে কিয় উক্ত স্থানলৈ নিলে সেই বিষয়ে অৱগত নহয় বুলি জানিবলৈ দিছে।

Tags
অসমীয়া বাতৰি