লক ডাউনে পোহৰলৈ আনিছে এজনৰ পাছত এজন প্ৰতিভা
ছ’ছিয়েল মেডিয়াত সমাদিত টীয়কৰ শিল্পী "বিকাশ"ক লৈ আজি বিপুল সম্ভাবনা
টীয়ক :- লক ডাউনে আজি যদিও সকলোকে গৃহবন্দী কৰিলে তথাপি কিন্ত এই মহামাৰিৰ শংকাই যেন স্তব্ধ কৰিব পৰা নাই মানুহৰ অনুসন্ধিসু মনৰ যাত্ৰাক ৷ হয়, তাৰে যেন প্ৰকাশ আজি টীয়ক কাকজানৰ "বিকাশ সাধন ভড়ালী" । নিজৰ কৰ্ম ব্যস্ততাৰ মাজত প্ৰতিনিয়ত বন্দী থকা এই জন যুৱকৰ বুকুৰ কোনটো যেন ক’ৰবাত সুয়োগৰ অপেক্ষাৰ বাবে ৰৈ আছিল এক শিল্পী প্ৰতিভাৰ ৷ হয় আজি এই মহামাৰিত সমগ্ৰ দেশৰ জনতা গৃহবন্দী পযাপ্ত সময় যেন সদা ব্যস্ত প্ৰতিজনৰ হাতত সেই সুযোগকে গ্ৰহন কৰি বিকাশে নিজৰ কোঠাৰ পৰাই ছ’ছিয়েল মিডিযাৰ যোগেদি প্ৰকাশ কৰি গ’ল নিজৰ শিল্পী প্ৰতিভা। গাই গ’ল জ্যোতি, বিষ্ণু, ভূপেন, জুবিনৰ দৰে প্ৰতিজন মহান শিল্পীৰ গীত ৷বৰগীত, লোকগীতৰ মধুৰ সুৰত সকলোকে মোহি আজি বিকাশ ছ’ছিযেল মিডিয়াৰ এক জনপ্ৰিয় নাম ৷ যদিও লক ডাউনে বহু মানুহৰ জীবন বহু শংকা কঢ়িয়াই আনিছে তাৰ মাজতে কিন্তু এনে বিলাক ইতিবাচক কৰ্ম তথা চিন্তাই কিন্ত সমাজলৈ কঢ়িয়াই প্ৰবল সম্ভাবনা ।

Tags
অসমীয়া বাতৰি