বহিৰ্ৰাজ্যৰ পৰা বৰপেটা জিলালৈ আহিল ২৭৭ জন কোৱাৰেন্টান চেন্টাৰৰ সংখ্যা বৃদ্ধি

বহিৰ্ৰাজ্যৰ পৰা বৰপেটা জিলালৈ আহিল ২৭৭ জন
কোৱাৰেন্টান চেন্টাৰৰ সংখ্যা বৃদ্ধি



১৮ মে' ● বহিৰ্ৰাজ্যৰ পৰা বৰপেটা জিলালৈ আজি নতুনকৈ ৭৮ জন লোকৰ আগমন হৈছে। ইয়াকে লৈ যোৱা  ১৫ মে'ৰ পৰা দেশৰ বিভিন্ন প্ৰান্তৰ পৰা অহা লোকৰ সংখ্যা ২৭৭ জন হলগৈ। এনেদৰে দৈনিক ৰেলযোগে যথেষ্ট সংখ্যক লোকৰ আগমণ হোৱাৰ প্ৰতি লক্ষ্য ৰাখি বৰপেটা জিলা প্ৰশাসনে চাৰিটা নতুন  কোৱাৰেন্টাইন চেন্টাৰ স্থাপন কৰাৰ উপৰি সৰভোগৰ বৰনগৰ মহাবিদ্যালয় আৰু হাউলীৰ বি এইছ কলেজত আসনৰ সংখ্যা দুশখনকৈ বৃদ্ধি কৰিছে । অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপে এই কথা প্ৰকাশ কৰি জনাইছে যে ইয়াৰ উপৰি নতুনকৈ নগাঁৱৰ বি বি কে মহাবিদ্যালয়, কয়াকুছিৰ কয়াকুছি মহাবিদ্যালয়, সৰভোগৰ জৱাহৰ নৱোদয় বিদ্যালয় আৰু বৰপেটা পলিটেকনিকত কোৱাৰেন্টাইন স্থাপন কৰা হৈছে। এই শিক্ষা প্ৰতিষ্ঠান কেইখনত মুঠ আসনৰ সংখ্যা হব ৯২০ খন। ইতিপূৰ্বে জিলা প্ৰশাসনে ২৪ টা কেন্দ্ৰত ৮৬০ খন আসন সাজু কৰি ৰাখিছে। ইয়াৰ উপৰি চেঙা উন্নয়ন খণ্ডৰ প্ৰেক্ষাগৃহ, বহৰি উচ্চ মাধ্যমিক বিদ্যালয়, চেঙা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু চেঙাৰ এম কে  কলেজতো কোৱাৰেন্টাইন চেন্টাৰ স্থাপনৰ বাবে ব্যৱস্থা হাতত লোৱা বুলি অতিৰিক্ত উপায়ুক্ত গৰাকীয়ে জানিবলৈ দিয়ে। ইফালে জিলাখনলৈ অহা ২৭৭ জনৰ ভিতৰত ১৮৬ জনৰে ইতিমধ্যে পৰীক্ষাৰ বাবে ছোৱাব সংগ্ৰহ কৰা হৈছে যদিও এতিয়ালৈকে ফলাফল জানিব পৰা হোৱা নাই ।

Post a Comment

Previous Post Next Post