টীয়কত কাব্য গ্ৰন্থ উন্মোচন

টীয়কত কাব্য গ্ৰন্থ উন্মোচন


TEOK:বৰ্তমান মানুহ ছচিয়েল মিডিয়াত ব্যস্ত।গ্ৰন্থ কাব্য পঢ়াৰ প্ৰতি মানুহৰ আগ্ৰহ দৈনন্দিন জীৱনৰ ব্যস্ততাত কমি গৈছে।সেয়ে এতিয়া সাধাৰণ মানুহক কবিতা তথা সাহিত্যৰ প্ৰতি আগ্ৰহী কৰিবলৈ লগতে সাহিত্যৰ সৃষ্টিৰ মানদণ্ড অখুন্ন ৰাখিবলৈ ছচিয়েল মিডিয়াতে অসমৰ নবীন প্ৰবীন বহুতো কবি সাহিত্যিকৰ সমাহাৰত আজিৰ পৰা আঢ়ৈ বছৰৰ পূৰ্বে শব্দ শিল্প কাঁচিয়লি নামৰ এক ফেচবুক গোটৰ জন্ম দিয়া হৈছিল।ইতিমধ্যে বিগত সময়ত এই গোটটোৱে ৰাইজৰ মাজত সমাদৰ লাভ কৰাত বহুকেইটা উন্নত মানদণ্ডৰ কবিতাৰ সমাহাৰে এটা সংকলন প্ৰকাশ কৰাৰ দিহা কৰা হৈছিল।কা' আন্দোলন আৰু এতিয়া কভিড-১৯ ভয়াবহতাত গ্ৰন্থখনি সম্পূৰ্ণ হোৱাৰ পাছতো উন্মোচন কৰিব পৰা নাছিল গোটটোৱে।সেয়ে আজি টীয়কৰ গোৱাল গাঁৱস্থিত টীয়ক জুনিয়ৰ কলেজৰ প্ৰেক্ষাগৃহত শব্দ শিল্প কাঁচিয়লি নামৰ কবিতা সংকলনখন অনুষ্টুপীয়াকৈ আনুষ্ঠানিকভাৱে উন্মোচনৰ ব্যৱস্থা কৰা হয়। কৰোণাৰ ভাইৰাছ সংক্ৰমণ ৰোধীবৰ বাবে চৰকাৰে জাৰি কৰা নিৰ্দেশনা অৱলম্বন কৰি এই অনুষ্ঠানত গোটৰ সভাপতি দেৱজিত হাজৰিকাই বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে আৰু তাৰ পাছতেই টীয়ক জুনিয়ৰ কলেজৰ অধ্যক্ষ ড° ধীৰেন কলিতাই কাব্য গ্ৰন্থখনি উন্মোচন কৰে।উক্ত কাৰ্যসূচীত সদৌ অসম কবি সন্মিলনৰ টীয়ক শাখাৰ সম্পাদক  কবি বিমান শইকীয়া, উপসভাপতি অৰূপ হাজৰিকা,সহ সম্পাদক শিখা ভুঞা, মদন পাগবন্ধাকে ধৰি কেইবাজনো ব্যক্তি উপস্থিত থাকে।শব্দ শিল্প কাঁচিয়লি কাব্য গ্ৰন্থখনি সম্পাদনা কৰিছে দেবজিত হাজৰিকা আৰু ববী দত্তই।

Post a Comment

Previous Post Next Post