বিশ্ব ধাত্ৰী দিৱসত চেলেংহাট হেলথ ক্লাৱৰ ব্যতিক্ৰমী প্ৰয়াস

বিশ্ব ধাত্ৰী দিৱসত চেলেংহাট হেলথ ক্লাৱৰ ব্যতিক্ৰমী প্ৰয়াস
মানৱ সেৱাত ব্ৰতি থকা নাৰ্ছসকলৰ জীৱনৰ লগত সংগতি ৰাখি মুক্তি দিলে "যোদ্ধা" নামৰ এখন চুটি ছবি
কৰ্তব্যৰত নাৰ্ছক জনালে সম্বৰ্ধনা
News Nation Digital 24X7
TEOK: নিজৰ জীৱনৰ অধিক সময় যি আনৰ বাবে কটায়েই সুখী হয়, যি নিজৰ জীৱনটো আনৰ বিপদত সেৱা কৰি  জীপাল হয় সেয়াই হ’ল ধাত্ৰী বা নাৰ্ছ ৷ নিজৰ ব্যৱস্ততাৰ প্ৰতিটো সময় আনৰ সেৱাত উৎসৰ্গিত এই বৃত্তিয়ে মানব ইতিহসত ৰাখি গৈছে এক সুকীয়া স্থান৷ হয় ,আজি বিশ্ব ধাত্ৰী দিৱস আধুনিক নাৰ্ছিং ব্যৱস্থাৰ বাটকটীয়া ফ্লৰেঞ্চ নাইটিংগেলৰ জন্ম দিনটোত ১৯৭৪ চনৰ পৰা বিশ্ব ধাত্ৰী দিৱস হিচাপে পালন কৰা হয়। উল্লেখ্য যে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ফ্ল’ৰেঞ্চ নাইটিংগেলে যুদ্ধ ক্ষেত্ৰত আহতসকলৰ পৰিচৰ্যাত নিজকে উচৰ্গা কৰিছিল। নাইটিংগেলৰ এই মানৱসেৱাৰ কৰ্মস্পৃহাক স্মৰণ কৰি বৰ্তমান সময়ত নাৰ্চসকলক প্ৰেৰণা দিয়াৰ উদ্দেশ্য পালন কৰি অহা হৈছে বিশ্ব ধাত্ৰী দিৱসৰ। আজি দেশ তথা বিশ্বৰ এই জতিল সময়ত এই নাৰ্ছ সকলে সমগ্ৰ দেশতে কৰ'ণা ভাইৰাচৰ আতংক আৰু লক ডাউন মাজতো আজিৰ দিনটোতো নাৰ্ছ সকলে নিষ্ঠাৰে কৰ্তব্য সম্পাদন কৰি আছে।ইয়াৰ মাজতে টীয়কত দেখা গ'ল এক ব্যতিক্ৰমী দৃশ্য।চেলেংহাটৰ সামাজিক বেচৰকাৰী সংস্থা "চেলেংহাট হেলথ ক্লাৱে" টীয়কৰ FRU প্ৰাংগণত আন্তৰ্জাতিক নাৰ্ছ দিৱস উপলক্ষে চিকিৎসালয় খনত কৰ্মৰত নাৰ্ছ সকলক জনালে সম্বৰ্ধনা,বিতৰণ কৰিলে মিঠাই।তদুপৰি নাৰ্ছৰ সংঘাতময় জীৱন ভিত্তিত নিৰ্মাণ কৰা চুটি ছবি "যোদ্ধা"চিকিৎসালয়ৰ প্ৰাংগণতে উন্মোচন কৰি নাৰ্ছ সকলৰ নামত উচৰ্গা কৰে আজিৰ এই বিশেষ দিনটোত।কৰ'ণা ভাইৰাচৰ সংক্ৰমণৰ এই জটিল সময়ত চিকিৎসক সকলৰ সমান্তৰালভাৱে নাৰ্ছসকলে নিজৰ জীৱনৰ লগতে পৰিয়ালকো তুচ্ছ জ্ঞান কৰি জনহিতৰ বাবে কৰা সেৱা মনোভাবক মূল কাহিনী হিচাপে লৈ নিৰ্মিত এই চুটি ছবিখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে টীয়কৰ জ্যেষ্ঠ সাংবাদিক ৰিজু কুমাৰ শইকীয়াই।উক্ত কাৰ্যসূচীত অসমপ্ৰেমী যুৱ ছাত্ৰ সমাজৰ উপদেষ্টা মনোজ গগৈ, টীয়ক বাণিজ্য সন্হাৰ সম্পাদক অঞ্জন প্ৰকাশ বৰুৱা, চিকিৎসক উমা চুক্বাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Post a Comment

Previous Post Next Post