তিৱা পৰিষদৰ দুৰ্নীতি ,উচ্চ ন্যায়ালয়ৰ তদন্তৰ নিৰ্দেশ
গুৱাহাটী উচ্চ ন্যায়ালয়ে দিছে তিৱা স্বায়ত্ত্বশাসিত পৰিষদৰ দুৰ্নীতিৰ তদন্তৰ গুৰুত্বপূৰ্ণ নিৰ্দেশ ৷ ন্যায়ালয়ৰ এই নিৰ্দেশৰ পিছতেই বিজেপিৰ দখলত থকা পবন মান্তা নেতৃত্বাধীন পৰিষদত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ ৷ নিৰ্মাণ সমিতি গঠনৰ জৰিয়তে পৰিষদলৈ আবন্টিন ধন মুখ্য কাৰ্যবাহী সদস্য পৱন মান্তা আৰু তদানীন্তন সচিব জুৰি গগৈয়ে ব্যাপক দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ তুলি পৰিষদৰ কানফলা সমষ্টিৰ সদ্স্য বলোৰাম বৰদলৈয়ে উচ্চ ন্যায়ালয়ত এক গোচৰ ৰুজু কৰিছিল ৷ অৱশ্যে কিছুদিন পূৰ্বে বলো বৰদলৈৰ মৃত্যু হোৱাত বাবুল বৰদলৈয়ে ২০১৭-১৮ বৰ্ষত ২৫০ খনকৈ ভূৱা নিৰ্মাণ সমিতিৰ জৰিয়তে ৩৬ কোটি টকা আত্মসাৎ কৰা অভিযোগ কৰিছিল ৷ ইপিনে ন্যায়ালয়ৰ তদন্তৰ নিৰ্দেশক মুখ্য কাৰ্যবাহী সদস্য পবন মান্তাই আদৰণি জনোৱা বুলি শনিবাৰে এক সংবাদমেল জৰিয়তে ঘোষণা কৰাৰ লগতে সমগ্ৰ দুৰ্নীতিত বৰ্তমান মৰিগাঁও সমষ্টিৰ বিজেপি বিধায়ক তথা তদানীন্তন মুখ্য কাৰ্যবাহী ৰমাকান্ত দেউৰীহে জড়িত থকাৰ গুৰুতৰ অভিযোগ তুলি ৩০ টাৰো অধিক গোচৰ এই সন্দৰ্ভত ন্যায়ালয়ৰ বিচাৰাধীন হোৱাৰ কথা অৱগত কৰে ৷ লগতে নিৰ্মাণ সমিতি গঠনৰ সিদ্ধান্ত ৰমাকান্ত দেউৰীৰহে আছিল বুলি উল্লেখ কৰি ২০১০ চনৰ পৰাই পৰিষদৰ সকলো কামকাজৰ তদন্তৰ আহ্বান জনায় ৷ দেউৰীৰ অভিষ্ট সিদ্ধি নোহোৱাৰ বাবেই এইদৰে পৰিকল্পিতভাবে পৰিষদৰ উন্নয়ন স্থবিৰ কৰাৰ লগতে তিৱা কিংবদন্তী জোঙাল বলহুৰ প্ৰতিমুৰ্তি নিৰ্মানৰ নামতো ৬৬ কোটি টকা আত্মসাৎ কৰাৰো অভিযোগ তুলিলে মুখ্য কাৰ্যবাহী মান্তাই ৷
মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ আদালতে পৰিষদৰ দুনীৰ্তিৰ তদন্ত এগৰাকী উচ্চ পৰ্যায়ৰ আৰক্ষী বিষয়াৰ দ্বাৰা কৰিবলৈ মৰিগাঁৱৰ আৰক্ষী অধীক্ষকক নিৰ্দেশ দিছে ৷ দীৰ্ঘদিন ধৰি তিৱা স্বায়ত্ত্ব পৰিষদৰ দুৰ্নীতি সন্দৰ্ভত উঠা অভিযোগৰ প্ৰকৃত ৰহস্য আৰক্ষীৰ তদন্তই পোহৰলৈ অনাৰ লগতে ক্ষমতাকেন্দ্ৰিক যুজৰ বাবে সুদীৰ্ঘকাল অস্থিৰ হৈ থকা পৰিষদীয় ৰাজনীতি আৰু অধিক অস্থিৰ হৈ পৰিব পাৰে ৷ লগতে মৰিগাঁৱৰ শাসকীয় ৰাজনীতিতো আহিব ব্যাপক প্ৰভাৱ ৷ ৰাজ্যৰ ৰাজনীতিতো পৰিব পাৰে এই প্ৰভাৱ ৷

Tags
অসমীয়া বাতৰি