ক'ৰোণা সংক্ৰমণৰ উৰাবাতৰিয়ে মানসিকভাৱে হাৰাশাস্তি কৰিছে টীয়কৰ এটা পৰিয়ালক
TEOK: টীয়কত এতিয়া এটা ফেচবুকৰ পোষ্টে সচেতন সমাজত তুলপাৰ লগাইছে ৷ এগৰাকী মহিলাৰ ফেচবুকত কাতৰ আহ্বান প্ৰশাসনলৈ "আমাক শিঘ্ৰে মেডিকেল টেষ্ট কৰক আৰু আভিযোগৰ পৰা পৰিত্ৰাণ কৰক " ঘটনাটো টীয়কৰ, এই বিশেষ মহিলা গৰাকীৰ লগতে তেওঁৰ স্বামীৰ বিৰুদ্ধে তেওঁলোক কভিড ১৯ ত আক্ৰান্ত হোৱা,ত্ৰিপুৰাৰ পৰা পলাই আহিছে আদি কেতবোৰ উৰাবাতৰি প্ৰচাৰ কৰাৰ ঘটনাই পৰিয়ালটোৰ প্ৰতি একাংশ লোকে পোষণ কৰা ব্যৱহাৰত ব্যৰ্থিত হৈ মহিলা গৰাকীয়ে সামাজিক মাধ্যমৰ যোগেদি এই সমগ্র ঘটনা বৰ্ণনা কৰি প্ৰশাসনৰ হস্তক্ষেপ বিচৰাৰ লগতে স্বাস্থ্য বিভাগক ক'ৰোণা সম্বন্ধীয় পৰীক্ষা কৰিবৰ বাবে আহ্বান জনাইছিল । ইয়াৰ পাছতে স্বাস্থ্য বিভাগৰ এটা দল আহি তেওঁলোকৰ পৰিয়ালৰ সকলো সদস্যৰে স্বাস্থ্য পৰীক্ষা কৰা হয় আৰু ক'ৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ কোনো লক্ষণ তেওঁলোকৰ দেহত ধৰা নপৰিল। উল্লেখযোগ্য যে কৰ্মসূত্ৰে গুৱাহাটীত থকা ইঙ্কু দত্ত আৰু তেওঁৰ পত্নী প্ৰিঞ্চী প্ৰিয়া কাশ্যপে যোৱা ২৯ এপ্ৰিলত গুৱাহাটীৰ পৰা চৰকাৰী নীতি নিৰ্দেশনা মানি তথা স্বাস্থ্য পৰীক্ষা কৰোৱাই অসম ৰাজ্যিক পৰিবহন নিগমৰ বাচেৰে টীয়ক জগদুৱাৰ অঞ্চলৰ নিজ ঘৰলৈ আহিছিল । ইয়াৰ পাছতে এক চক্ৰই তেওঁলোকৰ বিৰুদ্ধে বিভিন্ন অপপ্ৰচাৰ চলোৱাৰ লগতে ইঙ্কুৰ পিতৃৰ ব্যৱসায়িক প্ৰতিষ্ঠানখনো একাংশ লোকে ভাঙি পেলোৱাৰ ষড়যন্ত্ৰ কৰিছিল বুলি ফেচবুক প’ষ্টটো উল্লেখ।এটা উৰাবাতৰিয়ে মানসিক ভাৱে দুৰ্বল কৰি পেলোৱা পৰিয়ালটোৱে সকলোকে এই উৰাবাতৰিত ভোল নগৈ ক'ৰোণাৰ বিৰুদ্ধে সজাগ হ'বলৈ আহ্বান জনাইছে।

Tags
অসমীয়া বাতৰি