বৰপেটাৰ দনাকুছিৰ বন্ধ কালভাৰ্টে থানবান কৰিছে কৃষকৰ সপোন

বৰপেটাৰ দনাকুছিৰ বন্ধ কালভাৰ্টে থানবান কৰিছে কৃষকৰ সপোন

আবদ্ধ পানীয়ে বুৰাই পেলাইছে কেইবা শ বিঘা ধানখেতি
বৰপেটা ৰাজহ চক্ৰৰ অন্তৰ্গত দনাকুছি আৰু দেউৰীকুছি গাঁওৰ তিনিটা বন্ধ কালভাৰ্টে থানবান কৰিছে বহু কৃষকৰ সপোন ৷ বন্ধ হৈ থকা কালভাৰ্ট তিনিটাৰ বাবেই দনাকুছি আৰু দেউৰীকুছি গাঁওৰ শ শ বিঘা ইৰি ধানখেতি পানীয়ে বুৰাই পেলাইছে ৷ উল্লেখ্য যে, বৰপেটা হাউলী পথৰ ডেৰ মাইলৰ দলঙৰ পৰা হাজীবাৰীলৈ তিনিটা কালভাৰ্ট আছে ৷ এই কালভাৰ্ট কেইটা স্থানীয় একাংশ ব্যক্তিয়ে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়ে ৷ ফলত পথটোৰ পূবফালৰ পথাৰৰ পানী কালভাৰ্টেৰে বৈ অহাতো বন্ধ হৈ পৰে ৷ বিগত পাঁচ ছয়দিন দিন ধৰি বৰষুণ হৈ থকাৰ থকাৰ ফলত পানী যথেষ্ট বৃদ্ধি হয় ৷ কালভাৰ্ট তিনিটা খোলা থাকিলে পথাৰৰ আবদ্ধ পানী পুনৰ পল্লা নদী আৰু চাউলখোৱা নদীত পৰিলহেতেন বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে ৷ স্থানীয় কৃষকসকলে প্ৰায় ২ হাজাৰ বিঘা খেতি পথাৰত ইৰি ধান খেতি কৰিছিল যদিও আবদ্ধ পানীয়ে ইৰি ধান খেতি বুৰাই পেলায় ৷ যথেষ্ট কষ্ট আৰু মূলধন খটুৱাই ধান খেতি কৰিছিল যদিও খেতিপথাৰবোৰ আবদ্ধ পানীয়ে সম্পূৰ্ণৰূপে বুৰাই পেলোৱাত কৃষক সকলৰ মাজত হাহাকাৰ পৰিবেশৰ সৃষ্টি হৈছে ৷ কৃষকৰ সপোন থানবান কৰা  বন্ধ কালভাৰ্ট তিনিটা খুলি দিয়াৰ বাবে প্ৰশাসনক অনুৰোধ জনাইছে ভুক্তভোগী কৃষক সকলে ৷



Source: Barpeta Express

Post a Comment

Previous Post Next Post