বাংগালোৰত অসমৰ যুৱকৰ মৃত্যু
সমগ্ৰ দেশত লকডাউন চলি থকা অৱস্থাত বাংগালুৰুত মৃত্যু হৈছে নাৰায়ণপুৰৰ এজন যুৱকৰ। যুৱকজনৰ ঘৰ ধলপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ৰজাবাৰী গাঁৱত। গাঁওখনৰ ফুকন বৰুৱাৰ পুত্ৰ দুৰ্লভ বৰুৱা কৰ্মসূত্ৰে বাংগালুৰুত কৰ্মৰত আছিল।
বাংগালুৰুৰ গ্ৰাছমুত কোম্পানীত কৰ্মৰত যুৱকজন দেওবাৰে এক পথ দুৰ্ঘটনাত পতিত হৈছিল। বাংগালুৰুৰ নীমহান চিকিৎসালয়ত চিকিৎসাধীন অৱস্থাত আজি পুৱা মৃত্যু হয় ২২ বছৰীয়া যুৱকজনৰ। যুৱকজনৰ আকস্মিক মৃত্যুৰ খবৰ লাভ কৰাৰ পিছতে শোকত ভাগি পৰিছে দৰিদ্ৰ পৰিয়ালটোৰ লগতে স্থানীয় লোক সকল।
আনহাতে পৰিয়ালটোৰ একমাত্র উপাৰ্জনকাৰী যুৱক জনৰ মৃতদেহ ঘৃহলৈ অনাৰ ক্ষেত্ৰত গভীৰ চিন্তাত পৰিছে দৰিদ্ৰ পৰিয়ালটো। আনৰ আধিখেতি কৰি পৰিয়াল পোহপাল দিয়া অসুখীয়া পিতৃ ফুকন বৰুৱাৰ লগতে স্থানীয় ৰাইজে মৃতদেহটো ঘৰলৈ অনাৰ বাবে চৰকাৰ তথা স্বাস্থ্য মন্ত্ৰীৰ সহায় বিচাৰিছে পৰিয়ালৰ লোকে।

Tags
অসমীয়া বাতৰি