আজি বৰপেটা জিলাৰ সৰভোগ সমষ্টিৰ অন্তৰ্গত চেঙেলীয়া গাঁৱ আৰু বিভিন্ন গাওঁ এলেকাত এজাক প্ৰচন্ড ধুমুহা বতাহে ঘৰ - বাৰী ছিন্ন বিছিন্ন কৰে
আজি পৱিত্ৰ ঈদৰ দিনাত এজাক প্ৰচন্ড ধুমুহা বতাহে মানুহৰ ঘৰ - বাৰী ভাঙি ছিন্ন বিছিন্ন কৰে। জানিব পৰা মতে নিচুকা পঞ্চায়তৰ চেঙেলীয়া গাঁৱত প্ৰায় ৫০ টা পৰিয়ালৰ ঘৰ লন্ড ভন্ড কৰি থৈ যায় । পৰিয়াল কেইটা দিনে ৰাতিয়ে পৰিশ্ৰম কৰি কোনো মতে জীৱন অতিবাহিত কৰি আছিল । তাৰে কিছুমান দিন হাজিৰা কাম কৰা শ্ৰমিক আৰু কিছুমান ঠেলাআলা , ৰিস্কা আলা , এই ফালে লকডাউন নাই কোনো উপাৰ্জন , নাই কোনো সম্পত্তি , চাৰিফালে অন্ধকাৰ । দীৰ্ঘদিন ধৰি অসম তথা ভাৰতবৰ্ষত কভিট - ১৯ নে চৰকাৰ তথা জনসাধাৰণৰ আৰ্থিক অৱস্থা জুৰুলা কৰিছে । লকডাউনৰ ফলত জনসাধাৰণৰ উপাৰ্জন শূন্য হৈ পৰিছে । ঘৰখনৰ পৰা কামলৈ ওলাই যাব নোৱাৰে । এই পৰিয়াল কেইটা ৰাজ্য চৰকাৰলৈ পৰিয়াল কেইটা কাতৰ বাবে আহ্বান জনায় প্ৰতিটো পৰিয়ালক ক্ষতি গ্ৰস্থ হোৱা ঘৰসমূহ নিৰ্মাণ কৰি দিয়ে যেন ।
লগতে কেইবাদিন ধৰি নেৰানেপাৰা বৰষুণ ফলত আৰু আজি ঈদৰ দিনা প্ৰচন্ড ধুমুহাৰ ফলত বালাভিঠা বিলত বহু কষ্ট কৰি ইৰি খেতি কৰা প্ৰায় ১৫হেক্টৰ মান ইৰি খেতি এতিয়া পানীৰ তলত , কৃষকসকলে এতিয়া মুৰে কপালে তাত দিছে। এতিয়া কৃষকসকলে চৰকাৰলৈ কাতৰ আহ্বান যাতে কৃষকসকলক ক্ষতি পূৰৰ্ণৰ ব্যৱস্থা কৰে যেন।

Tags
অসমীয়া বাতৰি