অভয়াপুৰ শাৰিৰীক বাধাগ্ৰস্ত দুই ভনীৰ কৰুণ কাহিনী

অভয়াপুৰ শাৰিৰীক বাধাগ্ৰস্ত দুই ভনীৰ কৰুণ কাহিনী
News Nation Digital 24X7


 অভয়াপুৰীৰ দুই ভগ্নী নাম লক্ষ্মী মাল্লাহ আৰু মনিষা মাল্লাহ ৷বায়েক লক্ষ্মীয়ে কোনোমতে বহিব পাৰে কিন্তু ভনীয়েক মনিষাই নোৱাৰে ৷এটা গোহালী সদৃশ কোঠাৰ ভিতৰতে চুচৰি বাগৰি ফুৰে দুয়ো ৷এটা জৰাজীৰ্ণ কোঠাত দুই ভগ্নীয়ে পাৰ কৰিছে  সময় ৷ক’ৰোণা ভাইৰাছে সমগ্ৰ দেশতে আতংকময় পৰিস্থিতি সৃষ্টি কৰাৰ পিছত বিগত প্ৰায় ডেৰমাহে লকডাউনত ককবকাইছে দেশৰ জনতা ৷লকডাউনৰ ফলত বিভিন্ন স্হানত আৱদ্ধ একাংশ শ্ৰমজীৱী পৰিয়ালত নামিছে ভয়াৱহ সংকট ৷তেনেই এক পৰিয়ালৰে এই দুই ভগ্নী ৷ঘাটমাউৰা শাৰীৰিক বাধাগ্ৰস্ত  দুই ভগ্নীক সাধ্যনুসাৰে চোৱা চিতা কৰি আহিছে  বায়েক মীৰা মল্লাহে ৷মীৰাৰ স্বামী ৰঞ্জিত মাল্লাহ  কৰ্মসূত্ৰে থাকে গুৱাহাটীত ৷মিস্ত্ৰীৰ সহযোগী হিচাপে কাম কৰা ৰঞ্জিত বিগত ডেৰমাহে আৱদ্ধ গুৱাহাটীত ৷যাৰফলত তীব্ৰ আৰ্থিক সংকটত ভুগিছে পৰিয়ালটো ৷লোকৰ পৰা খুজিমাগি এসাজ খাই এসাজ লোঘণে কটাইছে লক্ষ্মী,মনিষা আৰু মীৰাই ৷বিহাৰী সম্প্ৰদায়ৰ এই পৰিয়ালটো বহু বছৰৰ পৰি বাসিন্দা অভয়াপুৰীৰ ৷১০বছৰ পূৰ্বে পিতৃক হেৰুৱাই ৫বছৰৰ আগতে মাকৰ মৃত্যু ঘটাত শাৰিৰীক বাধাগ্ৰস্ত দুই ভনীয়েকৰ অভিভাৱক হ’ল জেষ্ঠ্য ভগ্নী মীৰা ৷মীৰাৰ আছে দুটি সন্তানেৰে এখনি ঘৰ ৷এই জটিল পৰিস্থিতিত এতিয়া ভাঙি পৰিছে মীৰা কিয়নো কোনো আগবাঢ়ি অহা নাই পৰিয়ালটোৰ সহায়ৰ বাবে ৷ চৰকাৰী ইমানবোৰ আচনি থকাৰ পিচতো কিন্তু আজিলে কোনো সুবিধাই পোৱা নাই লক্ষ্মী আৰু মনিষাই ৷নাই ভোটৰ তালিকাটো নাম ৷হুইলচেয়াৰ দুৰৰ কথা লজ্জা নিবাৰণৰ বাবে নাই দুই ভগ্নীৰ এযোৰ কাপোৰ ৷প্ৰতি দিনে পৰিয়ালটোৱে কৰি আহিছে জীৱনৰ সৈতে জীয়াই থকাৰ কঠিন সংগ্ৰাম ৷ এতিয়া প্ৰশ্ন উত্থাপিত হয় চৰকাৰৰ আচনি বোৰ আচলতে কিৰ বাবে ?লক্ষ্মী আৰু মনিষাৰ এই কৰুণ কাহিনীয়ে অন্তৰ চুবনে চৰকাৰী বৰমুৰীয়া সকলোৰ ? নে এইদৰেই লক্ষ্মী আৰ মনিষাই পৰি কৰিব অনাগত দিনবোৰ ৷


Post a Comment

Previous Post Next Post